অসম

assam

ETV Bharat / state

অসমৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়ত বাধ্যতামূলক অসমীয়া ভাষাঃ কেশৱ মহন্ত - শোণিতপুৰ জিলা প্ৰশাসন

শোণিতপুৰত গণৰাজ্য দিৱসৰ আয়োজন ৷ পতাকা উত্তোলন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ 6নং দফা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

Kesab Mahanta said Assamese language and Assam Accord must be applicable
অসমৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়ত বাধ্যতামুলক অসমীয়া ভাষাঃ কেশৱ মহন্ত

By

Published : Jan 26, 2020, 2:50 PM IST

তেজপুৰ, 26 জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাতো উদযাপিত কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱসৰ ৷ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ এই কাৰ্যসূচীত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰখন একমাত্ৰ জাতি-মাটি-ভেটি ৰক্ষাৰ চৰকাৰ বুলি উল্লেখ কৰে ৷

আনহাতে শ্বহীদ মুকুন্দ কাকতি, কনকলতা বৰুৱাকে ধৰি নিৰ্যাতিত শ্বহীদসকলক স্মৰণ কৰাৰ লগতে তেওঁলোকলৈ চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত হোৱা দেশৰ বিকাশৰ কথা উল্লেখ কৰি ৰাজ্য চৰকাৰে অসমৰ চৰকাৰী বে চৰকাৰী সকলো বিদ্যালয়ৰ দশম শ্ৰেণীলৈ অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে ইতিমধ্যে প্ৰতিশ্ৰুতিবদ্ধ হৈছে । আনহাতে 6 নং দফা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰতো পালন চৰকাৰে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি অতি শীঘ্ৰে কাৰ্যকাৰী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰে ।

অসমৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়ত বাধ্যতামুলক অসমীয়া ভাষাঃ কেশৱ মহন্ত

ইফালে বিগত বৰ্ষতকৈ এইবাৰ শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসত জনসাধাৰণৰ উপস্থিতি বহু গুণ কম দেখা গৈছে । উল্লেখ্য যে বিশেষকৈ একাংশই ক’ব বিচাৰে যে ৰাজ্যত কা' বিৰোধী প্ৰতিবাদ চলি থকাও ইয়াৰ এটা কাৰণ হ’ব পাৰে । আনহাতে এই গণৰাজ্য দিৱসৰ পেৰেডত শোণিতপুৰ জিলাৰ বিভিন্ন চৰকাৰী তথা বে-চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লগতে বিভিন্ন চৰকাৰী সামৰিক বাহিনীয়ে পেৰেডত অংশগ্ৰহণ কৰে ।

আৰু পঢ়কঃগণৰাজ্য দিৱসত শদিয়া আৰক্ষীৰ তিনি কনিষ্টবললৈ বিশেষ সন্মান

ABOUT THE AUTHOR

...view details