তেজপুৰ, ১৮ জানুৱাৰী:ভাৰতবৰ্ষৰ অধ্যক্ষতাত প্ৰথমবাৰৰ বাবে G20 আৰু Y20 সন্মিলন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে অসম । অহা ২ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব G20 আৰু Y20 (Youth 20) অৰ্থাৎ যুৱ ২০ সন্মিলন । এই সন্মিলনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই বুধবাৰে পৰ্যটকৰ বাবে এক নিৰ্দেশনা জাৰি কৰে । এই অনুসৰি কাজিৰঙাত ৪ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে বন্ধ থাকিব জীপ চাফাৰী(Kaziranga National Park Elephant Safari) ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাধিকাৰী ৰমেশ গগৈয়ে জানিবলৈ দিয়ে যে, অহা ৪ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি, কাজিৰঙা আৰু আগৰাতলী ৰেঞ্জত পৰ্যটকৰ বাবে জীপ চাফাৰী উপলব্ধ নহ’ব ৷ কাৰণ উক্ত দিনা G20 সন্মিলনত অংশগ্ৰহণ কৰা বিদেশৰ পৰা অহা বিষয়াসকলে উদ্যান ভ্ৰমণ কৰিব । অৱশ্যে বাগৰি আৰু কাজিৰঙা ৰেঞ্জত উক্ত দিনা হাতী চাফাৰী উপলব্ধ থাকিব বুলি জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই(Jeep Safari In Kaziranga) ।
উল্লেখযোগ্য যে, বিশ্বৰ ২০ দেশৰ লগতে ইউৰোপিয়ান দেশেও অংশগ্ৰহণ কৰিব উক্ত সন্মিলনত । জি-২০ শীৰ্ষ সন্মিলনৰ আঁৰত ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন Y২০ (যুৱ ২০) শীৰ্ষ সন্মিলনত, ভৱিষ্যতৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ৷ ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ আশংকা হ্ৰাস কৰা, শান্তি প্ৰতিষ্ঠা আৰু মিলন আৰু গণতন্ত্ৰত যুৱক-যুৱতী(G20 summit in India) । উল্লেখ্য যে, শুকুৰবাৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে নতুন দিল্লীত Y ২০ সন্মিলনৰ বিষয়বস্তুৰ লগতে ইয়াৰ ল’গ’ আৰু ৱেবছাইট মুকলি কৰে ।
অসমত ২ ফেব্ৰুৱাৰী আৰু ৩ ফেব্ৰুৱাৰী জি-২০ ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব আৰু ইয়াৰ পাছত ৬-৮ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব Y20 সন্মিলন ৷ ১৩-১৫ মাৰ্চত গুৱাহাটীত, ২৩-২৪ মাৰ্চত উজনি অসমৰ ডিব্ৰুগড়ত আৰু ৩-৪ এপ্ৰিল গুৱাহাটীত জি-২০ শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে(Four meetings of G20 summit to be held in Assam) ।