তেজপুৰ,26 জুলাই: আজি বিজয় দিৱস ৷ 1999 চনৰ 26 জুলাইত ভাৰতে পাকিস্তানক যুদ্ধত পৰাস্ত কৰি জন্মু-কাশ্মীৰৰ কাৰ্গিলত ভাৰতীয় সেনাই বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল ৷ ভাৰতীয় সেনাৰ আত্মবলিদান আৰু ত্যাগৰ বিনিময়ত সেই বিজয় দিনটোক প্ৰতিবছৰে সমগ্ৰ ভাৰততে কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি আহিছে ৷ প্ৰতিবছৰৰ দৰে আজিৰ দিনটো সমগ্ৰ ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে অপাৰেচন বিজয় দিৱস ৷ এইবাৰ তেজপুৰত ব্যতিক্ৰমী ৰূপত পালন কৰা হৈছে ২৪ সংখ্যক কাৰ্গিল বিজয় দিৱস।
তেজপুৰ বৰপুখুৰীৰ পাৰত 527 গছ চাকিৰে ৰাজপথত কাৰ্গিল শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে একাংশ যুৱক-যুৱতীয়ে । ৰটাৰী অগ্নিগড় ইন্টাৰেক্ট ক্লাৱৰ উদ্যোগত পালন কৰা হয় বিজয় দিৱস ৷ বিজয় দিৱসৰ লগত সংগতি ৰাখি নতুন প্ৰজন্মই দেৱাল অংকনেৰে স্মৰণ কৰে কাৰ্গিল যুদ্ধৰ ঐতিহাসিক ক্ষণ আৰু বীৰ যোদ্ধাসকলক । ৰটাৰী অগ্নিগড় ইন্টাৰেক্ট ক্লাৱৰ সদস্যসকলে আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস আৰু তাহিৰ আলমে ।