অসম

assam

ETV Bharat / state

তেজপুৰত 36 সংখ্যক সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতা - 36 সংখ্যক সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতা

25 জুলাইৰ পৰা তেজপুৰত আৰম্ভণি 36 সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ । তেজপুৰ টাইকোৱাণ্ডো এশ্বছিয়েচনৰ উদ্যোগত সদৌ অসম ভিত্তিক কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতাখনৰ ৷

তেজপুৰত 36 সংখ্যক সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতা

By

Published : Jul 25, 2019, 10:41 PM IST

তেজপুৰ, ২৫ জুলাইঃ তেজপুৰত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে 36 সংখ্যক সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ । তেজপুৰ টাইকোৱাণ্ডো এশ্বছিয়েচনৰ উদ্যোগত আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতাখনৰ ৷

তেজপুৰত 36 সংখ্যক সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতা

32 খন জিলাৰ মুঠ 1300 খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে তেজপুৰ মহাবিদ্যালয়ৰ অস্থায়ী প্ৰেক্ষাগৃহত ৷ তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈ সকলৰ বাবে তেজপুৰৰ বিভিন্ন ঠাইত থকা-খোৱাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

অসম টাইকোৱাণ্ডো এশ্বছিয়েচনৰ সম্পাদক হিৰণ্য শইকীয়াই ইটিভি ভাৰতৰ আগত জানিব দিয়ে যে বৰ্তমান অসমৰ সকলো চহৰতে একোখনকৈ ইণ্ডোৰ ষ্টেডিয়াম আছে কিন্তু তেনেস্থলত তেজপুৰৰ নিচিনা চহৰত এই ব্যৱস্থা নাথকাটো দুৰ্ভাগ্যজনক ৷ কিন্তু আয়োজক সকলে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । উল্লেখ্য যে, বিধায়ক বৃন্দাবন গোস্বামীক এই বিষয়ে অৱগত কৰাৰ পাচত তেজপুৰত এখন ইণ্ডোৰ ষ্টেডিয়াম শীঘ্ৰে স্থাপন কৰা বাবে আশ্বাস প্ৰদান কৰিছে বিধায়কগৰাকীয়ে ৷ এই প্ৰতিযোগিতাৰ অন্ত পৰিব অহা 28 জুলাইত ৷

ABOUT THE AUTHOR

...view details