অসম

assam

ETV Bharat / state

অসম সন্দৰ্ভত বিতৰ্কিত মন্তব্য; তেজপুৰত কপিল চিব্বাল-ইন্দিৰা জয় সিঙৰ প্ৰতিকৃতি দাহ - Indira Joy Singh effigy burnt at tezpur

অসম সন্মিলিত মহাসংঘৰ অভিযোগ যে কপিল চিব্বালে বুৰঞ্জী বিকৃত কৰি অসমক ম্যানমাৰৰ অংগ বুলি কৈছিল । আনহাতে, ইন্দিৰা জয় সিঙে আই এম ডি টি আইন সন্দৰ্ভত উচ্চতম ন্য়ায়ালয়ৰ ৰায়ক ভেঙুচালি কৰে । তাৰেই প্ৰতিবাদত দুয়োকে অসম-বিৰোধী আখ্যা দি প্ৰতিকৃতি দাহ কৰা হয় ।

Assam Sanmilit Mahasangha protest at Tezpur
অসম সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদ সন্মিলিত মহাসংঘৰ

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 7:38 PM IST

তেজপুৰত কপিল চিব্বাল আৰু ইন্দিৰা জয় সিঙৰ প্ৰতিকৃতি দাহ

তেজপুৰ, ১২ ডিচেম্বৰ : অসম সন্মিলিত মহাসংঘৰ শোণিতপুৰ জিলা সমিতিৰ সদস্যসকলে মঙলবাৰে সন্ধিয়া তেজপুৰৰ কোৰ্ট চাৰিআলিত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল আৰু অধিবক্তা ইন্দিৰা জয় সিঙৰ প্ৰতিকৃতি দাহ কৰে । এই কাৰ্যসূচীৰে অধিবক্তাদ্বয়ে এক গোচৰ সন্দৰ্ভত অসমৰ বিষয়ে উচ্চতম ন্যায়ালয়ত কৰা বক্তব্যৰ প্ৰতিবাদ জনায় অসম সন্মিলিত মহাসংঘই ।

উল্লেখ্য যে অসম সন্মিলিত মহাসংঘই অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৫১ হ'ব লাগে বুলি ভাৰতৰ উচ্চতম ন্যায়ালয়ত এক গোচৰ দাখিল কৰিছিল । এই গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অধ্যক্ষতাত গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠত আৰম্ভ হৈছে । অসমৰ বাবে অতি স্পৰ্শকাতৰ অবৈধ বিদেশী নাগৰিকৰ বিষয়টোৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত জামাত-ই-ইছলামী-ই-হিন্দক প্ৰতিনিধিত্ব কৰে অধিবক্তা কপিল চিব্বালে ।

সেই সময়তে যোৱা ৭ ডিচম্বৰত বুৰঞ্জী বিকৃত কৰি অসমক ম্যানমাৰৰ অংগ বুলি কৈছিল কপিল চিব্বালে । লগতে ১৯৭১ চনলৈকে অহা বিদেশীক অসমত ৰক্ষণাবেক্ষণৰ পক্ষত থিয় দিছিল । তাৰেই পৰিপ্ৰেক্ষিতত চিব্বালক অসমৰ শত্ৰু বুলি ঘোষণা কৰি অসম সন্মিলিত মহাসংঘই মঙলবাৰে আদালত চাৰিআলিত চিব্বালৰ প্ৰতিকৃতি দাহ কৰে । আনহাতে, একেটা গোচৰতে উচ্চতম ন্যায়ালয়ত ৭ ডিচেম্বৰৰ দিনা আমছুৰ অধিবক্তা ইন্দিৰা জয় সিঙে আই এম ডি টি আইন বাতিল সন্দৰ্ভত এক আপত্তিজনক মন্তব্য কৰিছিল ।

তেওঁ কৈছিল যে উচ্চতম ন্যায়ালয়ে ২০০৫ চনৰ ১২ জুলাইত অসমলৈ অহা অবৈধ বিদেশীক নীৰৱ আগ্ৰাসনকাৰী আৰু আভ্যন্তৰীণ বিশৃংখলতা সৃষ্টিকাৰী লোক বুলি অভিহিত কৰি দিয়া ৰায় প্ৰত্যাহাৰ কৰি সেইসকল বিদেশীক ৰক্ষণাবেক্ষণ দি অসমত ৰখা উচিত । উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে বহু অনুসন্ধানৰ অন্তত উচিতভাৱে অসমলৈ অহা অবৈধ বিদেশীবোৰক নীৰৱ অগ্ৰাসনকাৰী আখ্যা দিছিল ।

কিন্তু অবৈধ বিদেশীয়ে খিলঞ্জীয়া লোকক হত্যা কৰা, ঘৰ-বাৰী, সা-সম্পত্তি জ্বলাই ভূমি দখল কৰাৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত কৰা সত্ত্বেও অধিবক্তাগৰাকীয়ে বিদেশীৰ হৈ ওকালতি কৰি অসমক ধ্বংস কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ অসম সন্মিলিত মহাসংঘৰ । সেয়ে এনে অধিবক্তাক শক্ৰ আখ্যা দি অসম সন্মিলিত মহাসংঘই ইন্দিৰা জয় সিঙৰো প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ জনায় ।

উল্লেখ্য যে মঙলবাৰে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ত কয় যে অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল আৰু জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে অসমক ম্যানমাৰৰ অংশ বুলি ভুলকৈ উল্লেখ কৰিছিল । তেওঁ কয় যে 'তেওঁ ইতিহাসৰ ভুল কিতাপ পঢ়িছিল' । আনহাতে, দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে জড়িত নাগৰিকত্ব আইনৰ ৬এ ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই ১৭ খন আবেদনৰ শুনানি গ্ৰহণ কৰি আছে । অসম চুক্তিৰ অন্তৰ্গত লোকৰ নাগৰিকত্বৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা হিচাপে নাগৰিকত্ব আইনৰ ৬এ ধাৰা সন্নিৱিষ্ট কৰা হৈছিল ।

লগতে পঢ়ক :কা বিৰোধী আন্দোলন তাৎক্ষণিকভাৱেহে বিফল হৈছিল: অখিল গগৈ

ABOUT THE AUTHOR

...view details