যান্ত্ৰিকতাৰ মাজত কনকা ভিলেজে দিছে প্ৰাকৃতিক প্ৰশান্তি
বিদেশত থাকিও পাহৰা নাই নিজ মাতৃভূমিক এজন যুৱকে ৷ নাম প্ৰণৱজ্যোতি নাথ ৷ এই যুৱকজনৰ প্ৰচেষ্টাতে সম্পূৰ্ণ গ্ৰাম্যাঞ্চলৰ নিভাঁজ পৰিৱেশৰ মাজত প্ৰাণ পাই উঠিছে কনকা ভিলেজ ৰিজ'ৰ্ট ৷
ঢেকিয়াজুলি,21 জুন:যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি আপুনি যদি গ্ৰাম্যাঞ্চলৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব বিচাৰে৷ তেন্তে ইয়াৰ বাবে এক উৎকৃষ্ট ঠাই হ'ল শোণিতপুৰ জিলাৰ চিৰাজুলিৰ উত্তৰ দিশে ১৬ কি:মি দুৰৈত অৱস্থিত কনকা ভিলেজ ৰিজ'ৰ্ট৷ ৰিজ'ৰ্টখন গুৱাহাটীৰ পৰা ১৩৫ কি: মি: দূৰৈত অৱস্থিত এই ৰিজৰ্ট খন পাঁচনৈৰ অসমীয়া যুৱক প্ৰণৱজ্যোতি নাথৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে৷ কৰ্মসূত্ৰে প্ৰণৱজ্যোতি থাকে লণ্ডনত৷ বহুবছৰ ধৰি বিদেশত থাকিলেও মাতৃভূমিত কিবা এক কৰাৰ হাবিয়াসৰ বাবে ডেৰ বছৰ পূৰ্বে আৰম্ভণি কৰা এই ৰিজ'ৰ্টখনত এতিয়া পাচঁনৈ অঞ্চলৰ ৫০ গৰাকীকৈ নিৱনুৱাই পাইছে কৰ্ম সংস্থাপন৷ গ্ৰাম্যাঞ্চলৰ পৰিবেশত প্ৰাণ পাই উঠা ৰিজ'ৰ্টখনে হাত বাওঁল দি মাতে দেশী-বিদেশী সকলো পৰ্যটককে৷ আসাম ইকা এগ্ৰো প্ৰাইভেট লিমিটেত প্ৰতিষ্ঠানৰ অধীনত পৰিচালিত এই ৰিজ'ৰ্টখনত উপভোগ কৰিব পাৰি সেউজীয়াৰে আবৃত নৈসৰ্গিক গ্ৰাম্যাঞ্চলৰ এক নিৰৱ পৰিৱেশ৷ লগতে উপভোগ কৰিব পাৰি অসমীয়া থলুৱা সুস্বাদু খাদ্য সম্ভাৰো৷ ক্ৰমাৎ বিলুপ্তি হোৱা খেড়ী ঘৰৰ উপৰিও গছৰ মুঢ়াৰ চকী- মেজ,গ্ৰাম্যাঞ্চলৰ বাট-পথ দেখিবলৈ পোৱা যায় এই ৰিজ'ৰ্টখনত৷ ইয়াৰ উপৰিও শিশুসকলৰ বাবেও আছে শিশু উদ্যানৰ লগতে ডাঙৰ-সৰু সকলোৰে বাবে চুইমিং পুল,নাওঁ চলোৱা,মাছ মাৰিব পৰা ব্যৱস্থা৷ ৰিজ'ৰ্টখনৰ নানান ৰঙীন ফুলৰ লগতে সেউজীয়া নিভাঁজ গ্ৰাম্যাঞ্চলৰ পৰিৱেশে যান্ত্ৰিকতাৰ আতঁৰাই নি গ্ৰাম্য পৰিবেশৰ প্ৰতি আকৰ্ষিত কৰি তোলে৷