চতিয়া,24 এপ্ৰিলঃ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পানপুৰ বনাঞ্চলৰ নাৰমাৰি বনাঞ্চলত পুনৰ উদ্ধাৰ হয় এটা গঁড়ৰ মৃতদেহ ৷ শুকুৰবাৰে পুৱা বনবিভাগৰ তহলদাৰী দলে উদ্ধাৰ কৰে মৃত গঁড়টো ৷ গড়টোৰ মৃত্যুৰ কাৰণ স্বাভাৱিক বুলি জানিবলৈ দিয়ে বনবিভাগে ৷ ইতিমধ্যে বন বিভাগৰ চিকিৎসকে গঁড়টোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে ৷
কাজিৰঙাত পুনৰ গড়ৰ মৃতদেহ উদ্ধাৰ