অসম

assam

ETV Bharat / state

ভাৰত-চীন সীমান্তৰ কাহো হৈছে ভাৰতৰ প্ৰথমখন সীমান্তৱৰ্তী গাঁও - সীমান্ত গাঁও

ভাৰত-চীন সীমান্তৰ আঞ্জাও জিলাৰ কাহো (Kaho) নামৰ গাঁওখনক ভাৰতৰ প্ৰথমখন গাঁও হিচাপে বাচনি কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে ৷ ইটানগৰৰ পৰা ৫৮০ কিলোমিটাৰ দূৰত্বত আৰু ভাৰত-চীন সীমান্তৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ নিলগত লোহিত নদীৰ পাৰত অৱস্থিত এই গাঁওখন ৷

india's first border village
ভাৰত-চীন সীমান্তৰ কাহো হৈছে ভাৰতৰ প্ৰথমখন সীমান্তৱৰ্তী গাঁও

By

Published : Nov 8, 2021, 9:23 PM IST

তেজপুৰ, ৮ নৱেম্বৰ :অৰুণাচল প্ৰদেশ চৰকাৰে ভাৰতৰ প্ৰথমখন সীমান্তৰ গাঁও হিচাপে বাচনি কৰিছে আঞ্জাও জিলাৰ কাহো (Kaho) নামৰ গাঁওখন ৷ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অৰুণাচল প্ৰদেশৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰি পাহাৰীয়া ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকালয়ৰ তৰফৰ পৰা ১২ জনীয়া দল এটা উক্ত অঞ্চললৈ প্ৰেৰণ কৰে ৷

ভাৰত-চীন সীমান্তৰ কাহো হৈছে ভাৰতৰ প্ৰথমখন সীমান্তৱৰ্তী গাঁও

অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা ৫৮০ কিলোমিটাৰ দূৰত্বত আৰু ভাৰত-চীন সীমান্তৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ নিলগত লোহিত নদীৰ পাৰত অৱস্থিত এই গাঁওখন ৷ কিবিথো ৰেঞ্জৰ অধীনৰ হায়ুলিয়াং-ৱালঙৰ নামনিত থকা এই গাঁওখনত 65 ঘৰ লোক আছে ৷ 2011 চনৰ চাৰ্ভে অনুসৰি গাঁওখনৰ শিক্ষিত হাৰ হৈছে ৬৪.১৫ শতাংশ ৷ প্ৰচলিত তথ্য অনুসৰি কাহো গাঁওখন চীন সীমান্তৰ অন্য ৭ খন গাঁৱৰ ভিতৰত অন্যতম হিচাপে পৰিচিত ।

ভাৰত-চীন সীমান্তৰ কাহো হৈছে ভাৰতৰ প্ৰথমখন সীমান্তৱৰ্তী গাঁও

অৰুণাচল প্ৰদেশ চৰকাৰৰ জনসংযোগৰ ১২ জনীয়া দলটোৱে উক্ত গাঁওখনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু গাঁও বুঢ়াক ৰাষ্ট্ৰীয় পতাকাখন প্ৰদান কৰে ৷ উল্লেখ্য যে, গাঁওখনৰ সকলো ১৯৬২ চনৰ চীনা যুদ্ধৰ ভয়াৱহ দৃশ্যৰ সাক্ষী হৈছিল আৰু তেওঁলোকে চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাক সহায় কৰিছিল ৷

ভাৰত-চীন সীমান্তৰ কাহো হৈছে ভাৰতৰ প্ৰথমখন সীমান্তৱৰ্তী গাঁও

এই কথা জানিবলৈ দি অৰুণাচল প্ৰদেশৰ জনসংযোগ বিভাগৰ সঞ্চালক দেস্বৰ টেচিয়ে কয়, গাঁওখনৰ লোকসকল তিব্বেতিয়ান বুদ্ধ ধৰ্মাৱলম্বী লোক । গাঁওখনৰ প্ৰতিজন লোকে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু ১৯৪২ চনৰ ১৫ আগষ্টত পতাকা উত্তোলন কৰিছিল ।

লগতে পঢ়ক:অৰুণাচলৰ পাচিঘাটৰ চিয়াং নৈৰ কাষত পৰ্যটন প্ৰকল্প উদ্বোধন

ABOUT THE AUTHOR

...view details