অসম

assam

ETV Bharat / state

গীতিসাহিত্য আলোচনাত চৈয়দ ছাদুল্লা আৰু জুবিন গাৰ্গৰ যুগলবন্দী

জুবিন গাৰ্গে ক’লে, তেওঁৰ গীতত সকলো বিষয়বস্তু আছে কেৱল বিবাহ বিচ্ছেদৰ প্ৰসংগহে নাই ৷ এই বুলি কৈ ৰসিক কৰি তোলে উপস্থিত ৰাইজক । তেজপুৰৰ এই গীতিসাহিত্যৰ আলোচনাত বক্তব্য ৰাখিলে কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে ।

গীতিসাহিত্য আলোচনাত চৈয়দ ছাদুল্লা আৰু জুবিন গাৰ্গ ৰ যুগলবন্দী
গীতিসাহিত্য আলোচনাত চৈয়দ ছাদুল্লা আৰু জুবিন গাৰ্গ ৰ যুগলবন্দী

By

Published : Feb 21, 2021, 3:39 PM IST

তেজপুৰ,21 ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত তেজপুৰৰ সংস্কৃতিবান ৰাইজ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰ জিলা পুথিভঁৰালত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসমীয়া গীতিসাহিত্য শীৰ্ষক আলোচনা ৷ এই আলোচনা চক্ৰত শনিবাৰে নিৰ্দিষ্ট বক্তাৰ ৰূপত দেখিবলৈ পোৱা গ’ল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক । নিজৰ গীতৰ প্ৰসংগত অসমীয়া গীতি সাহিত্যৰ বিষয়টোৰ ওপৰত তেওঁ বহু নজনা কথা প্ৰকাশ কৰিলে । এগৰাকী বক্তাৰ ৰূপত জুবিন গাৰ্গৰ গীতত সকলো বিষয়বস্তু আছে কেৱল বিবাহ বিচ্ছেদৰ প্ৰসংগহে নাই বুলি কৈ জুবিন গাৰ্গে ৰসিক কৰি তোলে উপস্থিত ৰাইজক । গীতৰ ছন্দ তাল মান সম্পৰ্কে জ্ঞানৰ প্ৰয়োজন বুলি কৈ অসমীয়া গীতত বহু নতুন বিষয় সন্নিবিষ্ট হৈছে আৰু তেওঁ গীতত ডাৰ্কনেচ এটা বিষয় হিচাপে লোৱা বুলি মন্তব্য কৰে ৷

গীতিসাহিত্য আলোচনাত চৈয়দ ছাদুল্লা আৰু জুবিন গাৰ্গ ৰ যুগলবন্দী
আনহাতে একেটা অনুষ্ঠানতেই চৈয়দ ছাদুল্লা আৰু জুবিন গাৰ্গৰ যুগলবন্দীয়ে দৰ্শকক বিশেষ ভাবে আকৰ্ষিত কৰে । ছাদুল্লাই তেওঁ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ ঘোষিত বিশেষ ঘোষণাৰ জৰিয়তে তেওঁ বিষয় অসমীয়া গীতি সাহিত্যত প্ৰাচ্যৰ প্ৰভাৱ শীৰ্ষক বিষয়ে বিভিন্ন উদাহৰণ গীতেৰে দাঙি ধৰে । উল্লেখ্য যে, অনুষ্ঠানটিৰ সঞ্চালিকা অনুৰাধা শৰ্মা পূজাৰীৰ সঞ্চালনত কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে আলোচনাত বক্তব্য ৰাখে ।লগতে পঢ়ক:সতী সাধিনী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়া

ABOUT THE AUTHOR

...view details