অসম

assam

By

Published : Jan 27, 2023, 2:12 PM IST

ETV Bharat / state

Inclusion of Village in BTR : শোণিতপুৰত বড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তিত আনন্দোল্লাস

শোণিতপুৰত বড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তিৰ বাবে উছৱমুখৰ পৰিৱেশ (Inclusion of Boro village in BTR in Sonitpur) । শুকুৰবাৰে চতিয়া সমষ্টিৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ এৰ‍ালিলগা বনগাঁৱত আনন্দ উল্লাস কৰে গাঁওবাসীয়ে ।

Sonitpur
Sonitpur

শোণিতপুৰত উছবমুখৰ পৰিৱেশ

তেজপুৰ, ২৭ জানুৱাৰী : গণৰাজ্য দিৱসত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) বড়োভূমি সম্প্ৰসাৰণৰ ঘোষণাৰ পিছতে (CM Announcement of expansion of Bodoland) শোণিতপুৰ জিলাত বড়ো জনসাধাৰণৰ মাজত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে । বড়োভূমি সম্প্ৰসাৰণক লৈ উৎফুল্লিত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ অঞ্চলৰ বড়ো সমাজ (Inclusion of Boro village in BTR in Sonitpur) । বড়োভূমিত অন্তৰ্ভুক্ত হৈছে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দুখনকৈ বনগাঁও ।

সেই দুখন হৈছে চতাই ৯ মাইল আৰু এৰালিলগা । গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিলৈকে কেইবাখনো গাঁও পূৰ্বৰ বিটিআৰ চুক্তিৰ অন্তৰ্গত কৰা হৈছে (two forest villages of Sonitpur includes in Bodoland) । এই ঘোষণাৰ পিছতে চাৰিদুৱাৰ অঞ্চলত জনসাধাৰণৰ মাজত আজি এক উৎফুল্লিত পৰিৱেশ দেখিবলৈ পোৱা গৈছে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত ।

উল্লেখ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে বড়ো চুক্তি স্বাক্ষৰ অসমৰ ইতিহাসৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'নেল কাউন্সিলৰ (Bodoland Teritorial Regional Council, BTR) অধীনত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা গহপুৰলৈকে নিৰ্ধাৰিত ১০০% শতাংশ বড়ো লোকৰ বসতি গাঁও এই চুক্তিৰ আধাৰত সন্নিৱিষ্ট কৰা হৈছে । শোণিতপুৰ জিলাৰ উত্তৰপাৰত বাস কৰা এই বড়ো অধ্যুষিত অঞ্চলত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত এই বিষয়ক লৈ দাবী উত্থাপন কৰি আহিছিল ।

মুখ্যমন্ত্ৰীয়ে কয় যে ঢেকীয়াজুলি, চতিয়া ,বিশ্বনাথ, বিহালি আৰু গহপুৰৰ বিস্তৃত বড়ো অধ্যুষিত গাঁও এই চুক্তিৰ আধাৰত অনা হ'ব । মুঠ 43 খন ৰাজহ গাঁও আৰু 17 খন বনগাঁও এই চুক্তিৰ আধাৰত সন্নিৱিষ্ট কৰা হৈছে ২০২০ চনৰ বড়ো চুক্তিৰ সংশোধিত আধাৰত । যাৰ বাবে নৃত্য-গীত প্ৰদৰ্শনেৰে এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে চাৰিদুৱাৰত । তাৰ পিছতে শুকুৰবাৰে এই পৰিৱেশ চতিয়া সমষ্টিৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ এৰ‍ালিলগা বনগাঁৱত । গাঁওবাসীয়ে এনেদৰে আনন্দত মতলীয়া হৈ আনন্দ কৰা দেখিবলৈ পোৱা গৈছে ।

লগতে এৰালিগলা গাঁওবাসীয়ে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰীৰো প্রশংসাত পঞ্চমুখ হৈ ধন্যবাদ জনায় । অৱশ্যে এই নিৰ্দেশনা বৰ্তমানলৈকে জিলাসমূহলৈ আহি পোৱা নাই যদিও পৰৱৰ্তী সময়ত এই নিৰ্দেশনা চৰকাৰৰ ৰাজপত্ৰত মোহৰ লাগিব বুলি জানিব পৰা গৈছে । এই বিষয়ে এবছু বালিপৰা আঞ্চলিকৰ প্ৰাক্তন সভাপতি জিছু ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত জনায় যে এই অধিকাৰ বড়োসকলৰ ৰাজনৈতিক অধিকাৰ । ইয়াৰ জৰিয়তে তেওঁলোকে বিটিআৰত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম দেখিবলৈ পাব । লগতে এই অন্তৰ্ভুক্তিৰ বাবে যাতে বড়োসকলে অন্যান্য জাতি-জনজাতিৰ লোকসকলৰ মাজত কোনো ধৰণৰ বিভেদ সৃষ্টি নকৰে তাৰ বাবেও আহ্বান জনাইছে ।

লগতে পঢ়ক :BTR Accord Day: কোকৰাঝাৰত তৃতীয় বিটিআৰ চুক্তি দিৱস উদযাপন

ABOUT THE AUTHOR

...view details