অসম

assam

By

Published : Aug 30, 2020, 10:38 AM IST

ETV Bharat / state

তেজপুৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জ্যেষ্ঠ সাংবাদিক

তেজপুৰ প্ৰধান ডাকঘৰৰ সন্মুখত এখন বগা ৰঙৰ গাড়ীৰ পৰা নামি আহি দুৰ্বৃত্তই সাংবাদিকজনক নাম সুধি হঠাৎ উপৰ্যুপৰি আক্ৰমণ কৰি পলায়ন কৰে ।

ৰাজ্যত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা
ৰাজ্যত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা

তেজপুৰ,৩০ আগষ্টঃ ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ তেজপুৰত দুৰ্বৃত্তই আক্ৰমণ কৰিলে সাংবাদিকক । উল্লেখযোগ্য যে, সাংবাদিক মেৰু মিঠু কটকীক শনিবাৰে সন্ধিয়া তেজপুৰ প্ৰধান ডাকঘৰৰ সন্মুখত এখন বগা ৰঙৰ গাড়ীৰ পৰা নামি আহি দুৰ্বৃত্তই সাংবাদিক জনক নাম সুধি হঠাৎ উপৰ্যুপৰি আক্ৰমণ কৰি পলায়ন কৰে ।

ইপিনে ঘটনাৰ বিষয়ে জানিব পাৰি পৰৱর্তী সময়ত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সদস্যসকলে ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে । সস্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আনহাতে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা উক্ত ঘটনাক তীব্র গৰিহণা দিয়াৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ দাবী জনায় ।

লগতে পঢ়কঃ জালুকবাৰী আৰক্ষীৰ জালত গভাইত চোৰৰ দল

ABOUT THE AUTHOR

...view details