অসম

assam

ETV Bharat / state

মাইনী মহন্তই উন্মোচন কৰিলে জামুগুৰিহাটৰ আইমাতৃ সমাজৰ মুখপত্ৰ - জামুগুৰিহাটৰ বৰনামঘৰ

জামুগুৰিহাটৰ বৰনামঘৰ পাঞ্চজন্য ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সভাত 'পূণ্যদীপা' নামৰ মুখপত্ৰ উন্মোচন কৰে 'নন্দিনী'ৰ সম্পাদিকা তথা জনপ্ৰিয় লেখিকা মাইনী মহন্তই ৷

journal-launch-at-jamugurihat-by-maini-mahanta
মাইনী মহন্তই উন্মোচন কৰে জামুগুৰিহাটৰ আইমাতৃ সমাজৰ মুখপত্ৰ

By

Published : Mar 13, 2020, 12:38 PM IST

চতিয়া,১৩ মাৰ্চঃমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ শোণিতপুৰ জিলা আইমাতৃ সমাজ আৰু জামুগুৰি আঞ্চলিক আইমাতৃ সমাজৰ উদ্যোগত জামুগুৰিহাটৰ বৰনামঘৰ পাঞ্চজন্য ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় আইসকলৰ ধৰ্মালোচনী সভা ৷ বৃহস্পতিবাৰে অনুষ্ঠিত এই সভাত আইসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ অৰ্থে প্ৰথমবাৰৰ বাবে প্ৰকাশিত 'পূণ্যদীপা' নামৰ মুখপত্ৰখন উন্মোচন কৰে জনপ্ৰিয় আলোচনী'নন্দিনী'ৰ সম্পাদিকা মাইনী মহন্তই ৷ আইমাতৃসকলৰ এই উদ্যোগ ইতিহাসত খুব সুন্দৰকৈ স্বাক্ষৰ হৈ ৰ’ব বুলিও উল্লেখ কৰে উন্মোচক মাইনী মহন্তই ৷

মাইনী মহন্তই উন্মোচন কৰে জামুগুৰিহাটৰ আইমাতৃ সমাজৰ মুখপত্ৰ
ইয়াৰ পূৰ্বে শোণিতপুৰ জিলা নামধৰ্ম সমাজৰ সভাপতিয়ে ধৰ্মধ্বজা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছতেই ভাগৱত পাঠ আৰু পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ নিশালৈ স্থানীয় শিশুসকলৰ দ্বাৰা পৰিবেশিত ভাওনা প্ৰদৰ্শনৰ পাছত সামৰণি পৰে অনুষ্ঠানভাগৰ ৷লগতে পঢ়কঃচাওতে চাওতে বহাগৰ বিহু পালেহিঃ আখৰাত ব্যস্ত নাচনী

ABOUT THE AUTHOR

...view details