অসম

assam

ETV Bharat / state

বিজেপিৰ টিকট পাবলৈ ভাল হ’ব লাগিব ৰিপ’ৰ্ট কাৰ্ড; পল্লৱ লোচন দাস - MP Pallab Lochan Das

2024 ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নে নকৰে তাকলৈ নিশ্চিত নহয় সাংসদ পল্লৱ লোচন দাস ৷ দলৰ ওপৰতেই সেই সিদ্ধান্তৰ দায়িত্ব এৰি লোকসভাত বিজেপিৰ ফলাফল যথেষ্ট ভাল হ’ব বুলি মন্তব্য কৰে তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদগৰাকীয়ে ৷

Archery Championship held in Tezpur
Archery Championship held in Tezpur

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 4:27 PM IST

সাংসদ পল্লৱ লোচন দাসৰ মন্তব্য

তেজপুৰ, ২৩ নৱেম্বৰ: হাতত ধনু-কাঁড় লৈ লক্ষ্য স্থিৰ কৰিলে তেজপুৰৰ সাংসদ পাল্লব লোচন দাসে । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ধনুত টংকাৰ দি এক প্ৰকাৰ নিৰ্বাচনৰ ৰণ ডংকা বজালে বিজেপিৰ সাংসদগৰাকীয়ে । সাংসদ পল্লব লোচন দাসৰ মতে নিৰ্বাচনৰ টাৰ্গেট এইবাৰ কংগ্ৰেছেই হ’ব । নিজে প্ৰতিদ্বন্দিতা কৰা-নকৰাকলৈ দলে সিদ্ধান্ত ল’ব বুলিও কয় সাংসদগৰাকীয়ে ।

লগতে এইবাৰ পাৰ্টীৰ পৰা নিৰ্বাচনৰ টিকট লাভ কৰিবলৈ যে ৰিপ’ৰ্ট কাৰ্ডৰ প্ৰয়োজন হ’ব সেই কথাও নিশ্চিত কৰি জনালে পল্লৱ লোচন দাসে । অগপ-বিজেপি-ইউ পি পি এলৰ মাজত আসনৰ ভাগ-বাটোৱাৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ইয়াত ত্যাগৰ কথা নাহে ৷ তিনিওটা দলে একেলগেই আগবাঢ়িব ৷ দলৰ নেতৃত্বৰ সিদ্ধান্ত মতেই আসনৰ ভাগ-বাটোৱাৰা হোৱাৰ কথা আওপকীয়াকৈ বুজাই দিলে পল্লৱ লোচন দাসে ৷

এইবাৰ টিকট লাভ নকৰিলে অসন্তুষ্টি থাকিব নেকি বুলি সাংবাদিকে সোধাত সাংসদগৰাকীয়ে কয় যে দলে তেওঁক মন্ত্ৰিত্ব দিলে, বিধায়ক কৰিলে, সাংসদ কৰিলে ৷ গতিকে এতিয়া দলৰ সিদ্ধান্তত অসন্তুষ্ট হ’বলগীয়া একো নাই ৷ তেওঁ কয় যে যদিও দলে টিকট নিদিলে তেওঁ অসন্তুষ্ট হয়, তেন্তে তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ মনত নেতৃবাচক প্ৰভাৱ পৰিব ৷

বৃহস্পতিবাৰে তেজপুৰৰ পল’ ফিল্ডত অনুষ্ঠিত হোৱা সদৌ অসম আৰ্চাৰী প্ৰতিযোগিতাৰ ৯ আৰু ১৪ বছৰৰ অনুৰ্ধৰ প্ৰতিযোগিতা খন মুকলি কৰি সাংসদগৰাকীয়ে এই মন্তব্য কৰে । অসমৰ বিভিন্ন জিলাৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ।

শোণিতপুৰ জিলা আৰ্চাৰী সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ তেজপুৰৰ পল’ ফিল্ডত অনুষ্ঠিত হোৱা প্ৰাক্তন সাংসদ যোচেফ তপ্প সোঁৱৰণী সদৌ অসম আন্তঃজিলা আৰ্চাৰী চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত জিলা আৰ্চাৰী সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা আৰু সাধাৰণ সম্পাদক মধুস্মিতা হাজৰিকা ডেকাৰ লগতে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ উপস্থিত থাকে ।

লগতে পঢ়ক:কামৰূপৰ ৰাণী মৈৰাপূৰত চলিল প্ৰশাসনৰ বুলডজাৰ

ABOUT THE AUTHOR

...view details