তেজপুৰ,১ ছেপ্টেম্বৰ : শেহতীয়াকৈ অসমত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে (Jihadi activities in Assam)। বিভিন্ন জিলাত আৰক্ষীৰ জালত পৰিছে জেহাদী । বুধবাৰে পুনৰ গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ এটা জেহাদী (Jihadi arrested in Guwahati)।
গোৱালপাৰা আৰক্ষীয়ে গুৱাহাটীৰ ধীৰণেপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে আজমল হুছেইন নামৰ আন এটা জেহাদীক । লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে মাদ্ৰাছাৰ পৰা জেহাদীৰ কাৰ্যকলাপ চলি থকা বিষয়টোক লৈও বিভিন্ন মহলত উদ্বেগৰ সৃষ্টি হৈছে ।
জেহাদীৰ বিৰুদ্ধে অসম চৰকাৰ আৰু আৰক্ষীৰ পদক্ষেপক লৈ আকৌ বিভিন্ন জনে সন্তুষ্টি প্ৰকাশ কৰাও দেখা গৈছে । বিশেষকৈ শাসকীয় দলৰ নেতাসকলে চৰকাৰৰ জেহাদী বিৰোধী কাৰ্যপন্থাক প্ৰশংসা কৰিছে ।
এইবাৰ জেহাদী বিৰোধী অভিযান সম্পৰ্কে অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া (Jayanta Malla Baruah reaction on Jihadi activities)। তেজপুৰত সংবাদমাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ ঘোষণা কৰা মতে অসমত জেহাদীৰ কাৰ্যকলাপক লৈ চৰকাৰৰ হাতত সম্পূৰ্ণ তথ্য আছে । তেওঁ উল্লেখ কৰা মতে চৰকাৰে তথ্য ভিত্তিত মাদ্ৰাছাত উচ্ছেদ চলাইছে ।
তথ্যৰ ভিত্তিত চৰকাৰে মাদ্ৰাছাসমূহ নিস্ক্ৰিয় কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰে । আনহাতে অবৈধ বেদখলকাৰী সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে আৰু আগন্তুক দিনত কৰি যাব ।
অসমত জেহাদীৰ কাৰ্যকলাপ সম্পৰ্কে জয়ন্ত মল্ল বৰুৱাৰ গুৰুত্বপূৰ্ণ মন্তব্য আনহাতে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দলে সাম্প্ৰদায়িক মন্তব্য কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই । সাংসদ অজিত কুমাৰ ভূঞাক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অজিত কুমাৰ ভূঞা এগৰাকী সাম্প্ৰদায়িক আৰু এ আই ইউ ডি এফ দলৰ ব্যক্তি (Jayanta Malla Baruah slams MP Ajit Bhuyan)। আজমলে যি মন্তব্য কৰে, অজিত কুমাৰ ভূঞাইও তাকে মন্তব্য কৰে বুলি তেওঁ উল্লেখ কৰে । পূৰ্বৰ জাতীয় সত্ত্বাৰ অজিত কুমাৰ ভূঞা বৰ্তমান নাই বুলিও তেওঁ সমালোচনা কৰে ।
আলফালৈ অসমৰ যুৱক-যুৱতীৰ গমনক লৈও মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । তেওঁৰ মতে যিবোৰ কাৰণত একাংশ অসমীয়া যুৱকে অস্ত্ৰ তুলি লৈছিল কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সেই অভাৱ পূৰণ কৰিছে ।
উল্লেখ্য যে তেজপুৰ ভ্ৰমণৰ সময়ত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Assam tourism minister visits Tezpur)। পুৱা তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত তেওঁ প্ৰথমে পূজা অৰ্চনা কৰে । পৰৱৰ্তী সময়ত কেইবাটাও পৰ্যটনস্থলী পৰিদৰ্শন কৰে অসমৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক :ধৃত জেহাদী আজমলক দুধনৈত মাৰাথন জেৰা