তেজপুৰ, ২০ অক্টোবৰ : কামাখ্যা মন্দিৰে (Kamakhya Temple) বিভিন্ন সময়ত স্বচ্ছতাৰ ক্ষেত্ৰত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু কেতিয়াবা কোনোবা সময়ত হয়তো কোনোবা পৰ্যটকৰ ভ্ৰমণৰ সময়ত কিবা খেলিমেলি থাকিব পাৰে । সেইটো নুই কৰিব বিচৰা নাই । আজি তেজপুৰত এই মন্তব্য কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Tourism Minister Jayanta Malla Baruah) ।
দেশৰ ভিতৰত অন্যতম শক্তিপীঠ কামাখ্যা হৈছে ৰাজ্যখনৰ এক অন্যতম তীৰ্থস্থান তথা পৰ্যটনস্থলী (Assam Tourism) । কিন্তু ভাৰতৰ বিভিন্ন ঠাইৰ মন্দিৰৰ তুলনাত কামাখ্যা মন্দিৰৰ স্বচ্ছতা কোনো ধৰণৰ কম নহয় বুলি উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্লই কয় যে আমি ইয়াক আৰু অধিক উন্নত কৰিব লাগে ।
লগতে তেওঁ এই কাম হৈ উঠা নাই বুলি কৈ তাৰ কিছু অসুবিধাৰ কথা উল্লেখ কৰে । বৰ্তমান দলৈ সমাজৰ লগত আলোচনা কৰি উক্ত সমস্যাৰ সমাধান কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে, আগন্তুক দিনত কামাখ্যা মন্দিৰ আৰু গোটেই নীলাচল পাহাৰ এক সুকীয়া ৰূপত দেখা পোৱা যাব বুলি কয় পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Development plane of Kamakhya Temple) ।