তেজপুৰ,19 ছেপ্টেম্বৰঃৰত্নাকৰৰ বাবে বিনা পাৰিশ্ৰমিকেৰে কাম কৰিছে জুবিন গাৰ্গে ৷ তেজপুৰৰ বিভিন্ন মহাবিদ্যালয়ত ৰত্নাকৰ চলচ্চিত্ৰৰ প্ৰচাৰ চলাবলৈ গৈ এইদৰে মন্তব্য আগবঢ়ালে জনপ্ৰিয় অভিনেতা যতীন বৰাই ৷
ৰত্নাকৰ ছবিৰ অনুপ্ৰেৰণা 'মিছন চাইনা'!
কিন্তু কিয়, জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন ...
লগতে তেওঁ উল্লেখ কৰে যে,'মিছন চাইনা'ৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখি ৰত্নাকৰ ছবিখন কৰিবৰ বাবে মন মেলিছিল যতীন বৰাই ৷ তাৰ বাবেই জুবিন গাৰ্গক প্ৰশংসা আৰু ধন্যবাদেৰে উপচাই পেলালে যতীন বৰাই ৷ যতীন বৰাৰ বহু চৰ্চিত ছবি ৰত্নাকৰৰ প্ৰচাৰ চলাবলৈ গৈ এজাক ছাত্ৰীৰ মাজত আপ্লুত হৈ পৰে ৰত্নাকৰৰ কলা-কুশলীসকল ৷ ছাত্ৰী সকলৰ মাজত উপস্থিত হৈ নিজৰ প্ৰিয় ফুল ভেট ফুল বুলি ছাত্ৰীসকলক আখ্যা দিয়ে বৰষাৰাণী বিষয়াই ৷ বৃহস্পতিবাৰে তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়, দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত ৰত্নাকৰৰ প্ৰচাৰ চলোৱাৰ উপৰিও তেজপুৰ বিশ্ববিদ্যালয়তো প্ৰচাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে টিম ৰত্নাকৰে ৷