অসম

assam

By

Published : Aug 25, 2019, 12:58 PM IST

ETV Bharat / state

ৰঙাপৰাত জৰাসৰ নৈৰ গৰাখহনীয়াৰ কালৰূপ

ৰঙাপৰাত জৰাসৰ নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ৷ নৈৰ বুকুত জাহ কেইবাশ বিঘা কৃষিভূমি ৷ গৰাখহনীয়াত নৈপৰীয়া ৰাইজৰ ঘৰ-বাৰী জাহ যোৱাৰো উপক্ৰম ৷ অতি শীঘ্ৰেই চৰকাৰ আৰু জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

ৰঙাপৰাত জৰাসৰ নৈৰ গৰাখহনীয়াৰ কালৰূপ

ৰঙাপৰা, 25 আগষ্টঃ ৰঙাপৰাত জৰাসৰ নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ৷ নৈৰ বুকুত জাহ কেইবাশ বিঘা কৃষিভূমি ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰত জৰাসৰ নৈৰ গৰাখহনীয়াই ৰাইজৰ মাজত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ৷ মোলান গাওঁ আৰু ফুলবাৰী চাহ বাগিছাৰ মাজেৰে বৈ যোৱা জৰাসৰ নৈৰ বছৰে বছৰে হৈ থকা গৰাখহনীয়াত নৈপৰীয়া ৰাইজৰ ঘৰ-বাৰী জাহ যোৱাৰো উপক্ৰম ৷ নদীখনৰ গতিবেগ ক্ৰমান্বয়ে সলনি হোৱাত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে ৷ দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে জলসম্পদ বিভাগক গৰাখনহীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পাচতো এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ভুক্তভোগী ৰাইজ ক্ষোভিত হৈ পৰিছে । অতি শীঘ্ৰেই চৰকাৰ আৰু জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

ৰঙাপৰাত জৰাসৰ নৈৰ গৰাখহনীয়াৰ কালৰূপ

ABOUT THE AUTHOR

...view details