অসম

assam

ETV Bharat / state

স্ব-গৃহত উপস্থিত যমুনা বড়ো

কিছুদিন পূৰ্বেই ৰাছিয়াত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ঢেকিয়াজুলিৰ যমুনা বড়োৱে চেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৷ যমুনাৰ এই সাফলতাৰ আঁৰত মাতৃৰ অৱদানৰ কথা প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ৷

By

Published : Oct 25, 2019, 1:13 PM IST

স্ব গৃহত উপস্থিত যমুনা বড়ো

তেজপুৰ, 25 অক্টোবৰঃ ঢেকিয়াজুলিৰ স্ব-গৃহত উপস্থিত হ'ল বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয়ী যমুনা বড়ো ৷ কিছুদিন পূৰ্বেই ৰাছিয়াত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ঢেকিয়াজুলিৰ যমুনা বড়োৱে চেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৷ যমুনা বড়োৰ সাফল্যৰ পিছতেই ইতিমধ্যে দেশৰ ক্ৰীড়ামন্ত্ৰী কিৰণ ৰিজিজু আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্ধনা জনোৱাৰ লগতে যমুনাক অসম চৰকাৰে ২০লাখ টকা আৰ্থিক অনুদান আগবঢ়ায় ৷

স্ব গৃহত উপস্থিত যমুনা বড়ো

আনহাতে, ঢেকিয়াজুলিত উপস্থিত হৈয়ে যমুনা বড়োৱে প্ৰথমে ঢেকিয়াজুলিৰ শইকীয়া চুবুৰীৰ শিৱ মন্দিৰত সেৱা জনোৱাৰ পিছতেহে স্বগৃহলৈ ৰাওনা হয় ৷ যমুনাক স্থানীয় দল সংগঠনে স্বগৃহলৈ এক সমদলৰ জৰিয়তে আদৰি আনে ৷ ইপিনে স্বগৃহত ভৰি থৈ যমুনাই আগন্তুক টকিঅ অলিম্পিকলৈ বাচনিৰ বাবে নিজকে সাজু কৰিব বুলি প্ৰকাশ কৰি অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে, অতি দৰিদ্ৰ পৰিয়ালৰ যমুনা বড়োক মাতৃ নিৰ্মলী বড়োৱে অশেষ কষ্ট কৰি এই পৰ্যায়লৈ আগুৱাই লৈ যায় ৷ যমুনাৰ এই সাফলতাৰ আঁৰত মাতৃৰ অৱদানৰ কথা প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details