জামুগুৰিহাট, 15 মে' : দৰিদ্ৰতা কেতিয়াও অধ্যয়নৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে ৷ তাকেই প্ৰমাণ কৰি দেখুৱালে জামুগুৰিহাটৰ এগৰাকী ছাত্ৰই ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জামুগুৰি উচ্চতৰ মাঃ বিদ্যালয়ৰপৰা ৯০.৫% নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ঋশভ শৰ্মাই ৷ চৰকাৰী গৃহৰ এটা কোঠালীতেই পৰিয়ালৰ সৈতে বাস কৰি অতি কষ্টৰে অধ্যয়ন কৰা ঋশভে গোটেই কেইটা বিষয়ত নম্বৰ লাভ কৰাৰ লগতে গণিত আৰু ঐচ্ছিক গণিতত লাভ কৰে ১০০ৰ ভিতৰত ১০০ নম্বৰ ৷
দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ঋশভ - ঋশভ শৰ্মা
দৰিদ্ৰতা কেতিয়াও অধ্যয়নৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে ৷ তাকেই প্ৰমাণ কৰি দেখুৱালে জামুগুৰিহাটৰ এগৰাকী ছাত্ৰই ঋশভ শৰ্মাই ৷ এটা কোঠালীতেই পৰিয়ালৰ সৈতে বাস কৰি ঋশভে ৰচিলে সফলতাৰ গান
সফলতাৰে উত্তীৰ্ণ জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ ঋশভ
কেৱল এখন তামোল-পাণৰ দোকান দি যেনে তেনে পৰিয়াল পোহপাল দিয়া ঋশভৰ পিতৃ এতিয়া উৎফুল্লিত পুত্ৰৰ সাফল্যত ৷ যদিও ভৱিষ্যৎ দিনত ঋশভৰ অধ্যয়নক লৈ চিন্তিত পিতৃ-মাতৃ ৷ গণিত আৰু ঐচ্ছিক গণিতত ১০০ শতাংশ নম্বৰ লাভ কৰাৰ উপৰিও ঋশভৰ সপোন বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱা ৷ সেয়েহে এতিয়া ঋশভৰ পিতৃ-মাতৃৰ আহ্বান ৰাইজলৈ, ৰাইজৰ সহায়ে অনাগত দিনত সহায় কৰিব ঋশভক জীৱনৰ বাটত আগুৱাই যাবলৈ ৷