অসম

assam

ETV Bharat / state

ঢোল-পেঁপাৰ মাতত মুখৰিত বৰপুখুৰীপাৰ বিহুতলী - bihu

ঢোল পেঁপা গগনাৰ মাতৰে মুখৰিত হৈ পৰিল মুকলি বিহুৰ বাটকটীয়াস্বৰূপ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ মুকলি বিহুৰ পথাৰ । ঐতিহ্যমণ্ডিত বিহুতলীত সদৌ অসম ভিত্তিক অনুষ্ঠিত হোৱা মুকলি বিহু প্ৰতিযোগিতাখনিত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ একুৰি বিহুৱা দলে হেঁপাহ পলুৱাই বিহু মাৰি উপস্থিত হেজাৰ হেজাৰ ৰাইজক ৰোমাঞ্চিত কৰি তোলে ।

ঢোল পেঁপা মাতত মুখৰিত জামুগুৰিহাটৰ বৰপুখুৰীপাৰ বিহুতলী
ঢোল পেঁপা মাতত মুখৰিত জামুগুৰিহাটৰ বৰপুখুৰীপাৰ বিহুতলী

By

Published : Apr 20, 2021, 1:39 PM IST

চতিয়া, 20 এপ্ৰিল : ক’ৰণাৰ ভয়ংকৰ পৰিস্থিতিক আওকাণ কৰি অসমবাসীয়ে উদযাপন কৰিছে বিহু ৷ চেনেহী বিহুৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰতো উদযাপন কৰিছে মুকলি বিহু ৷ ঢোল পেঁপা গগনাৰ মাতৰে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ মুকলি বিহুৰ পথাৰ ৷ এই মুকলি বিহুখনে গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰে ৷ সোমবাৰে বিয়লি 4 বজাৰ পৰা ঐতিহ্যমণ্ডিত বিহুতলীত সদৌ অসম ভিত্তিক অনুষ্ঠিত হোৱা মুকলি বিহু প্ৰতিযোগিতাখনিত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ একুৰি বিহুৱা দলে হেঁপাহ পলুৱাই বিহু মাৰি উপস্থিত হেজাৰ হেজাৰ ৰাইজক ৰোমাঞ্চিত কৰি তোলে । কুৰিটা বিহুৱা দলে দুঘন্টা ধৰি বিহু প্ৰদৰ্শন কৰি উপস্থিত ৫ সহস্ৰাধিক ৰাইজক আপ্লুত কৰি তোলে ।

ঢোল পেঁপা মাতত মুখৰিত জামুগুৰিহাটৰ বৰপুখুৰীপাৰ বিহুতলী

ঢুলীয়াৰ ঢোঁলৰ চাপৰত হালিজালি নচা নাচনীৰ মন্ত্ৰমুগ্ধ নাচে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হয় । অসম ভিত্তিক মুকলি বিহু খনিৰ শুভ উদ্বোধন কৰে বৰ্ষীয়ান বিহুৱা মোহন শইকীয়াই ৷ জামুগুৰি বাৰেচহৰীয়া ভাঁওনা সমিতিৰ সম্পাদক জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত বিহু উদযাপন সমিতিৰ সভাপতি মাধব ওজাই আদৰণি ভাষণ দিয়ে ৷ ৰূপজ্যোতি দাস আৰু ৰাজেশ শৰ্মাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,গণশক্তি দলৰ পদেশ্বৰ মিলি,বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুতীয়া বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । মুকলি বিহুখনত জুৰি ৰায় ভূঞাঁ, মৃণাল গোস্বামী আৰু নিৰঞ্জন দাস বিচাৰক হিচাপে উপস্থিত থাকে ৷

ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাখনত সৰ্ব্বশ্ৰেষ্ঠ দল ৰূপে নলবিৰিনা বিহুৱা দল (গহপুৰ), প্ৰথম শ্ৰেষ্ঠ দল ৰূপে ৰংমন ৰাংঢালী বিহুৱা দল (বিশ্বনাথ চাৰিআলি), দ্বিতীয় শ্ৰেষ্ঠ দল ৰূপে ৰামধেনু বিহুৱা দল (বিশ্বনাথ চাৰিআলি), তৃতীয় শ্ৰেষ্ঠ দল ৰূপে টৌভঙা গোমৰাং মিচিং বিহু দলে (জামুগুৰিহাট) সন্মান লাভ কৰে৷

উল্লেখ্য যে, ১৯৭১ চনত শোণিতকোঁৱৰ গজেণ বৰুৱাৰ সহযোগত সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ তত্বাৱধানত অনাতাৰযোগে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰচাৰ কৰা এই মুকলি বিহুৱে ১৯৭৯ চনত সমগ্ৰ পৃথিৱীৰ লোক নৃত্যসমুহৰ ভিতৰত সপ্তম স্থান দখল কৰিবলৈও সক্ষম হৈছিল ৷
লগতে পঢ়ক : ক'ভিড প্ৰট'কল মানি চাপৰত অনুষ্ঠিত হৈছে দুখনকৈ পূজা

ABOUT THE AUTHOR

...view details