তেজপুৰ, ১৮ জুলাই : অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সোমবাৰে ২০২৩ বৰ্ষটোক অৰুণাচল প্ৰদেশত জল জীৱন মিছনৰ (জেজেএম) সম্পূৰ্ণ ৰূপায়ণৰ বছৰ বুলি পুনৰবাৰ উল্লেখ কৰে । উল্লেখ্য, ২০২৪ চনত নিৰ্ধাৰণ কৰা ৰাষ্ট্ৰীয় লক্ষ্যতকৈ এবছৰ পূৰ্বে ৰাজ্যখনত সম্পন্ন কৰা হৈছে এই মিছন ।
সোমবাৰে অনুষ্ঠিত জেজেএম আৰু স্বচ্ছ ভাৰত অভিযান (এছবিএম) সম্পৰ্কীয় পৰ্যালোচনা বৈঠকত বিভিন্ন গাঁৱৰ জল আৰু অনাময় সমিতি (ভিডব্লিউএছচি), ৰূপায়ণ সহায়ক সংস্থা (আইএছএ), ব্লক সম্পদ সমন্বয়ক (বিআৰচি), লেব সহায়কক বঁটা প্ৰদান কৰি খাণ্ডুৱে ৰাজ্যত জেজেএম আৰু এছবিএম ৰূপায়ণ কৰা ন’ডেল এজেন্সী জনস্বাস্থ্য অভিযান্ত্ৰিক আৰু পানী যোগান বিভাগক এতিয়ালৈকে লাভ কৰা সাফল্যৰ বাবে প্ৰশংসা কৰে ।
বিশেষকৈ জেজেএমৰ সফল ৰূপায়ণৰ বাবে গাঁও পৰ্যায়ত কাম কৰা ভিডব্লিউএছচি, আইএছএ, বিআৰচি, লেব টেকনিচিয়ান আৰু জল সাথীসকলক ধন্যবাদ জ্ঞাপন কৰে । "এই বঁটাসমূহৰ জৰিয়তে আপোনালোকে যি স্বীকৃতি লাভ কৰিছে, সেই স্বীকৃতিয়ে অন্যান্যসকলকো সকলো স্তৰতে নিষ্ঠাৱানভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু ‘হৰ ঘৰ জল’ৰ সপোনক সফল কৰি তুলিব ।" বঁটা প্ৰদান অনুষ্ঠানত এই মন্তব্য অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ । উল্লেখ্য যে খাণ্ডুৱে ২০১৯ চনত প্ৰধান নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা জেজেএম আঁচনিৰ প্ৰশংসা কৰে ।
এই আঁচনিৰ লক্ষ্য আছিল ২০২৪ চনৰ ভিতৰত ব্যক্তিগত ঘৰুৱা টেপ সংযোগৰ জৰিয়তে ভাৰতৰ গ্ৰামাঞ্চলৰ সকলো পৰিয়াললৈ বিশুদ্ধ আৰু পৰ্যাপ্ত খোৱাপানী যোগান ধৰা । এই অভিযানত বাধ্যতামূলক উপাদান হিচাবে উৎসৰ বহন ক্ষমতাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে । যেনে পানীৰ প্ৰতি সম্প্ৰদায়ৰ দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি পানী ব্যৱস্থাপনাৰ জৰিয়তে পুনৰ সংশোধন আৰু পুনৰ ব্যৱহাৰ, পানী সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ আদি । বিভাগীয় বিষয়াসকলৰ সৈতে ৰাজ্যত জেজেএম আৰু এছবিএমৰ মৰ্যাদাৰ ব্যাপক পৰ্যালোচনা কৰি খাণ্ডুৱে চলিত বৰ্ষৰ ভিতৰত বাকী থকা গাঁৱসমূহ সামৰি ল’বলৈ চৰকাৰী সহায়ৰ আশ্বাস দিয়ে ।