অসম

assam

ETV Bharat / state

জামুগুৰিহাটত পদ্মশ্ৰী যাদৱ পায়েঙৰ বৃক্ষৰোপন

চৰকাৰে কাজিৰঙাৰ কাষৰীয়া অঞ্চলৰ মেধাৱী শিক্ষিত যুৱক যুৱতীক বনবিভাগত নিযুক্তি দিয়াৰ বাবে গঁড় হত্যাৰ হ্ৰাস পাইছে বুলি মন্তব্য কৰে অৰণ্যমানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ৷

By

Published : Nov 20, 2020, 4:30 PM IST

jadav payeng plantation in jamugurihat
জামুগুৰিহাটত পদ্মশ্ৰী যাদৱ পায়েঙৰ বৃক্ষৰোপন

চতিয়া, ২০ নৱেম্বৰ: শোণিতপুৰ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ প্ৰকৃতিপ্ৰেমী সংগঠন জাগৰণ য়ুথ ক্লাৱে শুকুৰবাৰে এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে পদ্মশ্ৰী যাদৱ পায়েঙে ৷ যাদৱ পায়েঙে গান্ধীপথাৰৰ চাৰিসীমাৰ কাষত বৃক্ষৰোপণ কৰি শোণিতপুৰ জিলাৰ শিক্ষিত যুৱক যুৱতীক চৰকাৰে বন বিভাগত নিযুক্তিৰ ব্যৱস্থা কৰিলে কাজিৰঙাৰ ষষ্ঠ সংযোজনটোও বহুখিনি সুৰক্ষিত হৈ পৰিব বুলি উল্লেখ কৰে ৷ তেওঁ লগতে বন বিভাগক বন মহোৎসৱ পাতি চৰকাৰী ধন অপচয় কৰাৰ বিপৰীতে ছাত্ৰ ছাত্ৰীক গছ জীয়াই ৰাখিবৰ কাৰণেহে শিক্ষা দিয়াৰ আহ্বান জনায় ৷ পায়েঙে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে সমগ্ৰ বিশ্বক বছৰত ৭ দিন লক ডাউন দিবলৈ অনুৰোধ জনায় ৷

জামুগুৰিহাটত পদ্মশ্ৰী যাদৱ পায়েঙৰ বৃক্ষৰোপন

ABOUT THE AUTHOR

...view details