অসম

assam

ETV Bharat / state

Press Meet of JACTWW : ২৯ নৱেম্বৰত চাহ শ্রমিকৰ ন্য়ূনতম মজুৰিৰ দাবীত ধৰ্মঘটৰ আহ্বান - চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতি

চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিৰ সংবাদমেল । মজুৰি নিৰ্ধাৰণ নকৰিলে আন্দোলনৰ ঘোষণা চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিৰ ।

JACTWW Press Meet
চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতি

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 8:01 PM IST

চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতি

তেজপুৰ, ৩০ছেপ্টেম্বৰ:চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিয়ে শ্ৰমিকৰ ন্য়ূনতম মজুৰি নিৰ্ধাৰণ নকৰিলে অহা ২৯ নৱেম্বৰত সৰ্বত্ৰে আন্দোলন ঘোষণা কৰিছে । শনিবাৰে শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নত অনুষ্ঠিত ছটা সংগঠনৰ এক যৌথ সংবাদমেলত চাহ শ্ৰমিকৰ মজুৰিৰ বাবে যুটীয়া কাৰ্য সমিতিয়ে (JACTWW) কয় যে যোৱা ২৮ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে আহ্বান কৰা মজুৰি সম্পৰ্কীয় সভাত চাহ শ্রমিকৰ ন্য়ূনতম মজুৰি নিৰ্ধাৰণ কৰা নহ'ব বুলি ঘোষণা কৰা কাৰ্যক জেকট'য়ে চৰম দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। এই ঘোষণাই মুখ্যমন্ত্ৰীগৰাকীৰ মিছলীয়া মনোবৃত্তি আকৌ এবাৰ উদঙাই দেখুৱালে বুলিও মন্তব্য কৰে সংগঠনটোৱে ।

চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিয়ে উল্লেখ কৰে যে চাহ শ্রমিকৰ ন্য়ূনতম মজুৰিৰ ক্ষেত্ৰত চৰকাৰে চৰুক শুধি চাউল বঢ়োৱাৰ নীতি লৈছে । মালিকে ন্য়ূনতম মজুৰি নামানে বুলি কৈ মালিকৰ প্ৰস্তাৱ মানি ল'বলৈ ইউনিয়ন সমূহক হেচা দিছে । চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিয়ে পুনৰ কয় যে ন্য়ূনতম মজুৰি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আইন আৰু ন্যায়লয়ৰ ৰায়হে আধাৰ হোৱা উচিত ।

মালিক আৰু শ্ৰমিকৰ মাজত আলোচনা কৰিবলৈ ইউনিয়ন আছে আৰু বিবাদ হ'লে মধ্যস্থতা কৰিবলৈ শ্ৰম আয়ুক্তৰ কাৰ্যালয় আছে । তেনে ক্ষেত্ৰত খোদ মুখ্যমন্ত্ৰীগৰাকী ইউনিয়ন আৰু মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱা কাৰ্য ৰহস্যজনক আৰু গণতন্ত্ৰৰ বাবে বিপদজনক বুলি কয় চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিয়ে । যৌথ সংগ্ৰাম সমিতিৰ নেতাসকলে কয় যে ২০১৮ চনত অসমৰ শ্ৰম আ‌য়ুক্তই চাহ শ্রমিকৰ ন্য়ূনতম মজুৰি ৩৫১.৩৩ টকা নিৰ্ধাৰণ কৰি মজুৰি উপদেষ্টা বোৰ্ডৰ বৈঠকত প্ৰস্তাৱ দাখিল কৰিছিল । মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আলোচনা কৰি থকাতকৈ ২০১৮ চনত অসমৰ শ্ৰম আ‌য়ুক্তই যি হিচাপ কৰি চাহ শ্রমিকৰ ন্য়ূনতম মজুৰি ৩৫১.৩৩ টকা নিৰ্ধাৰণ কৰিছিল সেই হিচাপটো ভুল আছিল নে শুদ্ধ আছিল সেই কথাটো স্পষ্ট কৰিব লাগে ।

চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিয়ে দাবী জনাই কয় যে ২০১৮ চনত অসম চৰকাৰৰ শ্ৰম আয়ুক্তই হিচাপ কৰি উলিওৱা পৰিমাণটোকে আধাৰ হিচাপে লৈ পৰৱৰ্তী ৫ বছৰৰ চলমান মৰগীয়া ভাট্টা (VDA) যোগ কৰি চাহ শ্রমিকৰ ন্য়ূনতম মজুৰি ঘোষণা কৰিব লাগে । আৰু যদি মুখ্যমন্ত্ৰীয়ে সেই ঘোষণা কৰিবলৈ সাহস কৰিব নোৱাৰে তেন্তে মিছাকৈ সক্ষম বুলি ফুলজাৰি মৰা বন্ধ কৰি নিজৰ অক্ষমতা স্বীকাৰ কৰি পদত্যাগ কৰা উচিত বুলি দাবী কৰে ।

চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিয়ে দাবী অহা ২৯ নৱেম্বৰত চাহ শ্রমিকৰ ন্য়ূনতম মজুৰি নিৰ্ধাৰণৰ দাবীত বাগিচাত সৰ্বাত্মক ধৰ্মঘটৰ আহ্বান জনাইছে । সংগ্ৰাম সমিতিয়ে কয় যে অহা ১৫ অক্টোবৰত গুৱাহাটীত সকলো ইউনিয়ন আৰু সামাজিক সংগঠনক লৈ চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিয়ে এক মজুৰি নিৰ্ধাৰণ মহাসভাৰ আহ্বান কৰিব । লগতে অহা ফেব্ৰুৱাৰীত অসম জুৰি ন্য়ূনতম মজুৰি নিৰ্ধাৰণৰ দাবীত পদযাত্ৰা অনুষ্ঠিত কৰিব । আনহাতে,আগন্তুক দুৰ্গা পূজাৰ বানচ ২০% ৰ তলত কোনো কাৰণতে মানি লোৱা নহ'ব বুলিও চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিয়ে দাবী কৰে ।

লগতে পঢ়ক:Dhemaji theft news:ধেমাজিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটা দুধৰ্ষ চোৰক

ABOUT THE AUTHOR

...view details