তেজপুৰ, ১৬ ছেপ্টেম্বৰ:স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীয়ে (ITBP) ৭৫ দিনীয়া এক দীঘলীয়া লং ৰেঞ্জ পেট্ৰলিঙৰ আৰম্ভ কৰিছিল (75 Days Long Range Patrolling Campaign By ITBP)। পেট্ৰলিঙৰ দলটো শনিবাৰে আহি তেজপুৰ চেক্ৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব (ITBP Long Range Patrolling Campaign team reach Tezpur)। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ১ আগষ্টত লাডাখৰ কাৰমুৰাম পাছৰ পৰা আৰম্ভ হৈছিল দলটোৰ যাত্ৰা ।
ভাৰত-চীন সীমান্তৰ ৰাজ্যসমূহৰ মুঠ ৭৫৭৫ কিলোমিটাৰ দীঘলীয়া পথ ভ্ৰমণৰ লক্ষ্যৰে আৰম্ভ কৰা এই পেট্ৰলিং অৰুণাচল প্ৰদেশৰ সীমান্তৰ জেচেপ-লাত সামৰণি পৰিব । সীমান্তৰ পহৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই আই টি বি পিৰ দলে লাডাখৰ পৰা লাহাউল অতিক্ৰম কৰি হিমাচল প্ৰদেশৰ সীমান্তৰে উত্তৰাখণ্ড, ছিকিম হৈ অসমত প্ৰৱেশ কৰি অৰুণাচল প্ৰদেশৰ সীমান্তলৈ যাত্ৰা কৰিব ।