অসম

assam

ETV Bharat / state

ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিল ইটানগৰ-ইউপিয়া সংযোগী পথ - Itanagar Eupia connecting road closed due to land slide tezpur assam etv bharat news

ইটানগৰৰ ইউপিয়াত সংঘটিত হৈছে ভয়ানক ভূমিস্খলন ৷ বিগত কিছুদিনৰ পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হোৱাত বন্ধ হৈ পৰে ইউপিয়া-ইটানগৰ সংযোগী পথ ৷

Itanagar Eupia connecting road closed due to land slide tezpur assam etv bharat news
ইটানগৰ-ইউপিয়া সংযোগী পথত ভূমিস্খলন

By

Published : Jun 26, 2020, 1:14 PM IST

তেজপুৰ,26 জুন: অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ ইউপিয়াত সংঘটিত হৈছে ভয়ানক ভূমিস্খলন ৷ এই ভূমিস্খলনৰ দৃশ্য ম’বাইলৰ কেমেৰাত আৱদ্ধ হোৱাৰ লগতে দেখা গ’ল প্ৰাণৰ মমতাত দৌৰা-দৌৰি কৰি জীৱন বচোৱাৰ চেষ্টা কৰা আতংকিত প্রত্যক্ষদর্শীক ৷ এই ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে বহুতো যান-বাহন । কিন্তু ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে ইউপিয়া-ইটানগৰ সংযোগী পথটো ৷

ইটানগৰ-ইউপিয়া সংযোগী পথত ভূমিস্খলন

বিগত কেইবাদিনো ধৰি পাহাৰীয়া ৰাজ্যখনত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলতে ইউপিয়াত এইদৰে খহি পৰে পাহাৰৰ মাটি ৷ উল্লেখ্য যে,বৃহস্পতিবাৰে ৰাজধানী চহৰখনৰ দৈনি কলনীত এটি শিশু ঘৰৰ ভিতৰত থকা অৱস্থাতে ভূমিস্খলন হোৱাত মৃত্যুমুখত পৰিছিল ৷ আনহাতে,আগুণৰ লগতে আগন্তুক তিনিদিনত অৰুণাচল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰবল বৰষুণৰ সম্ভাৱনা থকাৰ কথা জানিবলৈ দিয়ে বতৰ বিজ্ঞান বিভাগে ৷

লগতে চাওকঃকাহিলীপাৰাৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে এগৰাকীয়ে

ABOUT THE AUTHOR

...view details