তেজপুৰ, ১৪ নৱেম্বৰ : ইজৰাইলত যোৱা ৭ অক্টোবৰত গাজা পট্টিৰ পৰা ইজৰাইলৰ নাগৰিকৰ ওপৰত কৰা ভয়ানক আক্ৰমণৰ জীৱন্ত সাক্ষী অসমৰ এজন যুৱক আৰু অচকলোনৰ এগৰাকী প্ৰাক্তন ইজৰাইলী সেনা বাহিনীৰ বিষয়া । নাম তেওঁৰ অমি কাশ্বেট ৷ অচকলোনৰ নাগৰিক অমি কাশ্বেটে ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষৎকাৰত অশ্ৰুসিক্ত নয়নৰে কয় যে ১০ মহীয়া শিশুৰ ওপৰত হামাছে যি পাশৱিক অত্যাচাৰ কৰিলে সমগ্ৰ বিশ্ব তাৰ সাক্ষী হৈ ৰ’ল ।
উক্ত ঘটনাৰ বৰ্ণনা কৰিবলৈ ভাষা বিচাৰি পোৱা নাই বুলি ক’লে ইজৰাইলৰ প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে ৷ ৮৫ বছৰ বয়সীয়া প্ৰাক্তন ইজৰাইলী সেনা বিষয়াগৰাকীয়ে কয় যে তেওঁ ভাৰত ভ্ৰমণৰ বাবে বিগত তিনি বছৰৰ পৰা সুযোগ বিচাৰি আছিল ৷ অৱশেষত তেওঁৰ সেই সপোন পূৰণ হোৱাত গংগা আৰু ব্ৰহ্মপুত্ৰৰ পানীৰে স্নান কৰি জীৱন সাৰ্থক কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
অসমত উপস্থিত হৈ তেওঁ যুদ্ধৰ সময়ৰ পৰিৱেশ বৰ্ণনা কৰে আৰু দুখ প্ৰকাশ কৰে যে যিসকল লোকক হামাছে বন্দী কৰি লৈ গৈছে সেইসকল লোকৰ সন্দৰ্ভত ক’বপৰাকৈ একো নাই ৷ সেইসকল লোকৰ বাবে তেওঁ প্ৰাৰ্থনা কৰে যে ইউনাইটেড ষ্টেটছ আৰু ৰেড ক্ৰছৰ দ্বাৰা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰক যাতে তেওঁলোক সুস্থ শৰীৰেৰে পুনৰ ইজৰাইললৈ ঘূৰি আহিব পাৰে ৷ আনহাতে উক্ত ঘটনাৰ আঁৰত কাটাৰ জড়িত থকাৰ কথা ক’লে অমিয়ে ।