ৰঙাপৰা,16মে'ঃ কৈ কৈও যেন ওৰকে নপৰে বিদ্যুৎ বিভাগৰ কথা ৷ পুনৰ পোহৰলৈ আহিছে বিদ্যুৎ বিভাগৰ আন এক আজৱ কাণ্ড৷ এইবাৰ শোণিতপুৰ জিলাৰ মিছামাৰীৰ বান্দৰহাগী-নগাপথাৰ গাঁৱত সংঘটিত হৈছে এই আজৱ কাণ্ডৰ ঘটনা ৷ বিদ্যুৎ সংযোগ অবিহনেই গাঁওবাসীয়ে লাভ কৰিলে বিদ্যুতৰ বিল ৷ জানিব পৰা মতে,গাঁওখনত বসবাস কৰি থকা প্ৰতিটো পৰিয়ালক বিদ্যুৎ দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু ঠিকাদাৰ-বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে বিগত তিনি বছৰে গাঁওখনত সম্পূৰ্ণ নহ'ল বৈদ্যুতিকৰণ আঁচনিৰ কাম৷ বৈদ্যুতিকৰণৰ কাম আধাতে সামৰি ঠিকাদাৰসকলে আত্মগোপন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ৷ ইপিনে গাওঁখনৰ প্ৰতিটো পৰিয়ালক ৰাজ্য চৰকাৰে বিদ্যুতৰ মিটাৰ প্ৰদান কৰিছিল। উক্ত বিদ্যুতৰ মিটাৰবোৰ আজি পৰ্যন্ত ৰাইজৰ বাসগৃহত স্থাপন কৰা নহ'ল যাৰ বাবে এবছৰ ধৰি বিদ্যুৎ সংযোগ নকৰাকৈ ঘৰতে পৰি থাকিল বিদ্যুতৰ মিটাৰ । পৰিতাপৰ বিষয় এইয়ে যে সম্প্ৰতি দেশত চলি থকা লক ডাউনৰ মাজতে বান্দৰহাগী-নগাপথাৰ গাওঁৰ একাংশ লোকক দায়িত্বজ্ঞানহীন বিভাগটোৱে ম'বাইলত এছ এম এছৰ জৰিয়তে প্ৰেৰণ কৰিলে বিদ্যুতৰ বিল ।আজিও কেৰাচিনৰ চাকি ব্যৱহাৰ কৰা গাওঁখনৰ লোকসকলে বিদ্যুৎ সংযোগ নোপোৱাকৈ বিদ্যুতৰ বিল লাভ কৰি এতিয়া চিন্তিত হৈ পৰিছে৷ আনহাতে দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিয়া বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে গাঁওবাসীয়ে ৷
মিছামাৰীত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড - বিদ্যুতৰ বিল
সম্প্ৰতি দেশত চলি থকা লক ডাউনৰ মাজতে বান্দৰহাগী-নগাপথাৰ গাওঁৰ একাংশ লোকক দায়িত্বজ্ঞানহীন বিভাগটোৱে ম'বাইলত এছ এম এছৰ জৰিয়তে প্ৰেৰণ কৰিলে বিদ্যুতৰ বিল ।আজিও কেৰাচিনৰ চাকি ব্যৱহাৰ কৰা গাওঁখনৰ লোকসকলে বিদ্যুৎ সংযোগ নোপোৱাকৈ বিদ্যুতৰ বিল লাভ কৰি এতিয়া চিন্তিত হৈ পৰিছে৷ আনহাতে দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিয়া বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে গাঁওবাসীয়ে ৷
মিছামাৰীত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড
Last Updated : May 17, 2020, 12:50 PM IST