অসম

assam

ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সাফল্যঃ ৱিকিমিডিয়াৰ সন্মিলনলৈ আমন্ত্ৰিত

বেংগালুৰুৰ খ্ৰাইষ্ট বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ৱিকিমিডিয়া এডুকেচন চাৰ্ক কনফাৰেঞ্চত অংশ গ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ পাইছে তেজপুৰ বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী তাজনীন হুছেইনে ৷

ৱিকিমিডিয়া এডুকেচন চাৰ্ক কনফাৰেঞ্চত অংশগ্ৰহণ কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে

By

Published : Jun 17, 2019, 2:31 PM IST

তেজপুৰ,১৭ জুনঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ তাজনীন হুছেইন নামৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে আমন্ত্ৰণ লাভ কৰিছে ৱিকিমিডিয়া এডুকেচন চাৰ্ক কনফাৰেঞ্চত অংশগ্ৰহণ কৰিবৰ বাবে । অহা ২০ জুনৰ পৰা বেংগালুৰুৰ খ্ৰাইষ্ট বিশ্ববিদ্যালয়ত এই সন্মিলন অনুষ্ঠিত হ'ব । অসমীয়া গ্ৰন্থ ইউনিকোডত সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা তাজনীন হুছেইন তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী । ইতিমধ্যে ৱিকিমিডিয়াত তেওঁৰ বিভিন্ন ৰচনা প্ৰকাশ পাইছে ।

ৱিকিমিডিয়া এডুকেচন চাৰ্ক কনফাৰেঞ্চত অংশগ্ৰহণ কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে

ভাষা বিজ্ঞান আৰু ভাষা প্ৰযুক্তি বিদ্যা বিষয়ৰ ছাত্ৰীগৰাকীয়ে অসমীয়া মূল্যৱান গ্ৰন্থ তথা ৰচনা সম্ভাৰসমূহ ইউনিকোডত সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে । উল্লেখযোগ্য যে 'Centre for internet society exchange to knowledge'ৰ উদ্যোগত যোৱা ১১-১২ মে'ত গুৱাহাটীত প্ৰথমটো অসমীয়া ৱিকি উৎসৱৰ কৰ্মশালত অংশ গ্ৰহণ কৰিছিল মেধাৱী ছাত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details