অসম

assam

ETV Bharat / state

Sela Pass Tunnel : নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে এছিয়াৰ সৰ্বোচ্চ উচ্চতাৰ চেলা সুৰংগ

প্রতিকূল বতৰৰ মাজতো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে ১৩,০০০ ফুট উচ্চতাৰ চেলা সুৰংগ । অতি উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ হৈছে এছিয়াৰ ভিতৰতে প্ৰথম দ্বি-লে'নযুক্ত পথ সুৰংগ (Sela Pass Tunnel) । চেলা পাছ সুৰংগ নিৰ্মাণ সন্দৰ্ভত BRO-ৰ ব্ৰিগেডিয়াৰ ৰমণ কুমাৰৰ সৈতে ই টিভি ভাৰত অসমৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক আছুতীয়া সাক্ষাৎকাৰ ।

Tezpur
Tezpur

By

Published : Dec 31, 2022, 5:30 PM IST

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে এছিয়াৰ সৰ্বোচ্চ উচ্চতাৰ চেলা সুৰংগ

তেজপুৰ, ৩১ ডিচেম্বৰ : প্ৰতিকূল বতৰ আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে পশ্চিম অৰুণাচল প্ৰদেশৰ চেলা পাছ সুৰংগ (Sela Pass Tunnel in Arunachal) । কামেং আৰু টাৱাঙৰ আন সকলো জটিল পথত অৰুণাচল প্ৰদেশত ফৰৱাৰ্ড কানেক্টিভিটিৰ বাবে বি আৰ অ’ৰ (BRO) প্ৰচেষ্টাত অটল আৰু অগ্ৰগতিৰ ওপৰত সৰ্বোচ্চ পৰ্যায়ত নিৰ্মাণ হৈছে চেলা সুৰংগ ।

ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ (Border Roads Organisations) তেজপুৰস্থিত প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ ৰমণ কুমাৰ এছ ভিয়ে শনিবাৰে ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে যথেষ্ট কঠোৰ পৰিশ্ৰমৰ মাজত এই সুৰংগৰ নিৰ্মাণকাৰ্য চলি আছে (Sela Pass Tunnel) ।

তেওঁ কয় যে সাগৰ পৃষ্ঠাৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ অতি উচ্চতাত নিৰ্মাণ কৰাৰ বাবে সমগ্ৰ এছিয়াৰ ভিতৰতে প্ৰথম দ্বি-লে'নযুক্ত পথ সুৰংগ । মুঠ 11.204 দৈৰ্ঘ্যৰ 9.220 কিলোমিটাৰ আৰু পদপথৰ দূৰত্বৰ এই সুৰংগই পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ পৰা টাৱাঙলৈ অৰ্থাৎ চেলা পাছৰ সমগ্ৰ স্নিগ্ধ তুষাৰবিত্ত পৰ্বতমালা অতিক্ৰম কৰি ভাৰত-চীন সীমান্তলৈ যাব পাৰিব (India China border in Arunachal) । লগতে প্ৰায় 9.220 কিলোমিটাৰ দূৰত্ব কমিব ।

দুটা সুৰংগত এটা টিউবৰ দৈৰ্ঘ্য 8.8 কিলোমিটাৰ পথৰ উপৰি এই সফলতাই দুটা টিউব অৰ্থাৎ 1,555 মিটাৰ দুটা-ফালৰ টিউব আৰু 90 মিটাৰ টিউবৰ পৰা ওলাই সংযোগ হোৱা চেলা টানেল সংযুক্ত কৰিছে । সুৰংগৰ ভিতৰত থাকিব অত্যাধুনিক লাইট চিচি কেমেৰা আৰু প্ৰস্থান দুৱাৰ । প্ৰস্থান দুৱাৰসমূহৰ তদাৰক কৰিব ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ দায়িত্বত থকা বিষয়াই আৰু যিকোনো সময়তে ঘটিব পৰা অবাঞ্চিত ঘটনাৰ বাবে থাকিব চোকা দৃষ্টি ।

সীমান্ত পথ সুৰক্ষা সংস্থা ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ সঞ্চালকে ২০২১ চনৰ জানুৱাৰীত সেনা দিৱসত তেওঁৰ ভ্ৰমণৰ সময়ত এস্কেপ টিউবৰ প্ৰথম বিস্ফোৰণ আৰম্ভ কৰিছিল । এই সুৰংগৰ ইতিমধ্যে খনন সম্পূৰ্ণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো বতৰৰ সংযোগ প্ৰদান কৰাৰ বাবে ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত চেলা টানেলৰ আধাৰশিলা স্থাপন কৰিছিল । সুৰংগটোৰ নিৰ্মাণ 1 এপ্ৰিল, 2019 তাৰিখে আৰম্ভ হৈছিল আৰু প্ৰথম বিস্ফোৰণ 31 অক্টোবৰ, 2019 তাৰিখে সংঘটিত হৈছিল ।

বৰ্তমান চেলা সুৰংগৰ (টানেলৰ) খনন দ্ৰুত গতিত হৈছে, যাৰ ফলত 1,555 মিটাৰ সুৰংগৰ এস্কেপ টিউবৰ শেষৰ বিস্ফোৰণো সমাপ্ত, যি নিৰ্ধাৰিত সময়ৰ বহু আগতে সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে । কোভিড-19 সীমাবদ্ধতা আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতি সত্ত্বেও যোৱা 6-10 মাহত কামৰ গতি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে । অৱশ্যে এই বছৰ জানুৱাৰী মাহৰ পৰা পশ্চিম অৰুণাচল প্ৰদেশত প্ৰচণ্ড তুষাৰপাতৰ বাবে আৰু পৰৱৰ্তী সময়ত অত্যধিক বৰষুণৰ বাবে সংযুক্ত পথৰ কাম সম্পূৰ্ণ হৈ উঠা নাই । যাৰ বাবে 2023 চনৰ এপ্ৰিলৰ ভিতৰত এই সুৰংগ দেশৰ বাবে মুকলি কৰিব পৰা যাব বুলি কুমাৰে জনায় ।

লগতে পঢ়ক :IPS Sujoy Lal Thaosen :অসম সন্তান সুজয় লাল থাউচেনক অতিৰিক্তভাৱে BSFৰ সঞ্চালক প্ৰধান পদ

ABOUT THE AUTHOR

...view details