অসম

assam

ETV Bharat / state

অসমত ঘৰুৱা শ্ৰমিকৰ মজুৰি ঘণ্টাত 35 টকা কৰাৰ দাবী - বে অসম চৰকাৰে 2017 চনত এটা fixed মাজুৰি ধার্য কৰিছিল

ৰাজ্য়ত 6,454 গৰাকী মহিলা ঘৰুৱা শ্ৰমিক হিচাপে কৰ্মৰত । উত্তৰ পূৰ্বাঞ্চলত 23 হাজাৰ শ্ৰমিকেই ঘৰুৱা ভাবে কাম কৰি আহিছে । এই শ্ৰমিকসকলে তেওঁলোকৰ দৈনন্দিন জীৱনৰ কৰ্মৰ মজুৰি বৃদ্ধিৰ বাবে শ্ৰম আয়োগৰ ওচৰত আবেদন কৰি প্ৰতি ঘণ্টাত 35 টকা ধার্য কৰিবলৈ দাবী জনাইছে ৷

tezpuঅসমত ঘৰুৱা শ্ৰমিকৰ মজুৰি ঘণ্টাত 35 টকা কৰাৰ দাবীr
অসমত ঘৰুৱা শ্ৰমিকৰ মজুৰি ঘণ্টাত 35 টকা ধাৰ্যৰ দাবী

By

Published : Jun 16, 2022, 3:52 PM IST

তেজপুৰ,১৬ জুন: অসমত বৰ্তমান 6,454 গৰাকী মহিলাই ঘৰুৱা শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে । আনহাতে,উত্তৰ পূৰ্বাঞ্চলত 23 হাজাৰ শ্ৰমিকেই ঘৰুৱা ভাবে কাম কৰি আহিছে । আজি এই তথ্য় সদৰী কৰিছে চেণ্টাৰ ফ'ৰ ডেভেল'পমেণ্ট ইনিচিয়েটিভ (CDI) নামৰ সংগঠনটোৱে । CDI ৰ তেজপুৰ গোটৰ প্ৰগ্ৰেম ক'অৰ্ডিনেটৰ কেৰোলিন হেম্বব্ৰনে( Caroline Hembron) আজি আন্তৰ্জাতিক ঘৰুৱা কৰ্মী দিৱস উপলক্ষে তেজপুৰত এই তথ্য সদৰি কৰিছে।

অসমত ঘৰুৱা শ্ৰমিকৰ মজুৰি ঘণ্টাত 35 টকা ধাৰ্যৰ দাবী

প্ৰগ্ৰেম ক'অৰ্ডিনেটৰ কেৰোলিন হেম্বব্ৰনে পুনৰ কয় যে তেজপুৰত ১,৫০০ শ্ৰমিকেই বিভিন্ন ধৰণৰ কামত আবাসিক অঞ্চলত এনে কাম কৰি জীৱিকা অৰ্জন কৰিছে । ইয়াৰ বেছিভাগ ঘৰুৱা শ্ৰমিকেই (maid) আঠ ঘণ্টা ধৰি কৰ্মত নিয়োজিত হৈ থাকে বুলি তেওঁ পুনৰ কয় ।

উল্লেখ্য় যে চেণ্টাৰ ফ'ৰ ডেভেল'পমেণ্ট ইনিচিয়েটিভ ( CDI) নামৰ সংগঠনটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এই ঘৰুৱা শ্ৰমিকসকলৰ উন্নয়নৰ বাবে 2011 চনৰ পৰাই এই ক্ষেত্ৰত কাম কৰি আহিছে । ৰাজ্যৰ শ্ৰম বিভাগৰ লগত আলোচনা কৰি এই শ্ৰমিক সকলৰ বিভিন্ন অসুবিধা সমূহ আৰু মজুৰি সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব দিয়ে CDI ৰ তেজপুৰ গোটৰ প্ৰগ্ৰেম ক'অৰ্ডিনেটৰ কেৰলিন হেম্বেৰনে ( Caroline Hembron)। বৰ্তমান এই শ্ৰমিক সকলে তেওঁলোকৰ দৈনন্দিন জীৱনৰ কৰ্মৰ মজুৰি বৃদ্ধিৰ বাবে শ্ৰম আয়োগৰ ওচৰত আবেদন কৰি প্ৰতি ঘণ্টাত 35 টকা ধার্য কৰিবলৈ দাবী জনোৱা বুলিও তেওঁ কয় ।

অসমত ঘৰুৱা শ্ৰমিকৰ মজুৰি ঘণ্টাত 35 টকা ধাৰ্যৰ দাবী

বৰ্তমান এই শ্ৰমিকসকলক শ্ৰমৰ মৰ্যাদা হিচাবে অসম চৰকাৰে 2017 চনত এটা fixed মাজুৰি ধার্য কৰিছিল । এই অনুসৰি এগৰাকী শ্ৰমিকে প্ৰতি ঘন্টাত 30 টকা উপাৰ্জন কৰিব । অৰ্থাৎ শ্ৰমিকগৰাকীয়ে দৈনিক মজুৰি 240 টকা লাভ কৰে । ফলত তেওঁলোকে দৈনন্দিন জীৱন ধাৰণত বহুতো বাধাৰ সন্মুখীন হয় বুলিও তেওঁ কয় । আনহাতে, আজিৰ এই দিৱস উপলক্ষে তেজপুৰত সজাগতাৰ বাবে CDIয়ে ঘৰে ঘৰে 4 শতাধিক গোহাৰি-পত্ৰ বিতৰণ কৰে ।

উল্লখ্য় যে আন্তঃৰাষ্ট্ৰীয় শ্ৰম আয়োগে 2011 চনৰ 16 জুনত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল । ঘৰুৱা শ্ৰমিকসকলৰ বাবে উপযুক্ত কামৰ ওপৰত আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ 189 তম সন্মিলনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । এই সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছৰে পৰা বিশ্বত ১৬ জুন তাৰিখটো আন্তৰ্জাতিক ঘৰুৱা কৰ্মী দিৱস হিচাপে পালন কৰি অহা হৈছে । এই কৰ্মশক্তিৰ অৰ্থনৈতিক অৱদানক সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে বিশ্বব্যাপী আজিৰ দিনটো উদযাপন কৰা হয় ।

লগতে পঢ়ক:ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰচেষ্টা অসম চৰকাৰৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details