অসম

assam

ETV Bharat / state

ৰাজ কুন্দ্ৰাতকৈয়ো ভয়াৱহ জাল তেজপুৰৰ ৱাহিদৰ: হাজিৰ কৰিলে আদালতত - নীলা ছবি নিৰ্মাণ কৰি আৰক্ষীৰ জালত চাইবাৰ অপৰাধী ৱাহেড আলম

অত্যন্ত বিচক্ষণতাৰে অসমৰ বহু যুৱতীক জালত পেলাই নিষিদ্ধ কাৰ্য সংঘটিত কৰি আহিছিল চাইবাৰ অপৰাধী ৱাহেড আলমে ৷ ৱাহিডৰ পৰা জব্দ কৰা ম'বাইল আৰু লেপটপ সংঘটিত কৰি হতবাক হৈ পৰিছে শোণিতপুৰ আৰক্ষী ৷ য'ত পোৱা গৈছে সাধাৰণ কম্পিউটাৰৰ জ্ঞান থকা মানুহে চিন্তাও কৰিব নোৱাৰা কিছু আচৰিত তথ্য ৷

international-cyber-criminal-wahed-alam-was-produced-in-tezpur-court
আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী ৱাহেড আলমক তেজপুৰ আদালতত হাজিৰ

By

Published : Aug 23, 2021, 6:45 PM IST

তেজপুৰ,23 আগষ্ট: দীঘলীয়া জেৰাৰ অন্তত সোমবাৰে আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী ৱাহেড আলমক তেজপুৰ আদালতত হাজিৰ কৰে শোণিতপুৰ আৰক্ষীয়ে ৷ তেজপুৰ আদালতত হাজিৰ হোৱাৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ অন্য কোনো কথাতে মুখ নুখুলিলে যদিও অভিযোগ উত্থাপিত কৰা যুৱতী গৰাকীৰ লগত তেঁওৰ পুৰণি সম্পৰ্ক আছিল বুলি বিস্ফোৰক মন্তব্য কৰে ৷ সেই সম্পৰ্কৰ বাবেই যুৱতী গৰাকীয়ে এনেদৰে অভিযোগ উত্থাপন কৰিছে বুলে মন্তব্য কৰে ৱাহেড আলমে ৷

জানিব পৰা মতে, তেজপুৰৰ পৰা আফ্ৰিকা, আমেৰিকাৰ ফোন নম্বৰ ব্যৱহাৰ কৰি অসমৰ যুৱক-যুৱতীক জালত পেলাই আহিছিল ৱাহেড আলম নামৰ চাইবাৰ অপৰাধীটোৱে ৷ শেহতীয়াকৈ এই যুৱকজনৰ জালত পৰি এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিবলৈকো উদ্যত হৈছিল ৷ লগতে যুৱতী গৰাকীয়ে সমগ্ৰ বিষয়টো টুইটযোগে আৰক্ষীক অৱগত কৰাৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে লৈ শোণিতপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ৷ ইয়াৰ পাছতে পোহৰলৈ আহিছিল ৱাহেড আলমে তৰা ভয়ংকৰ জালৰ কথা ৷

আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী ৱাহেড আলমক তেজপুৰ আদালতত হাজিৰ

ইয়াৰ পাছতে শোণিতপুৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই তেজপুৰ চহৰৰ মাজ মজিয়াৰ পৰা কম্পিউটাৰত উচ্চ শিক্ষা গ্ৰহণ কৰা ৱাহিদ আলমক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন যুৱকজনে সম্প্ৰতি কম্পিউটাৰ শিক্ষাৰ ডিগ্ৰী সমাপ্ত কৰাৰ পাচত হায়দৰাবাদত এম টেকৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ সাজু হৈছিল বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ৱাহেড আলমে তৰা ভয়ংকৰ জালৰ কথা ৷ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় ঘৱনাতে ইটিভি ভাৰতক জানোৱা মতে, সমগ্ৰ অসমত ভয়ানক ৰূপ ধাৰণ কৰিছে এই চাইবাৰ অপৰাধীয়ে ৷ অতি আশ্চৰ্যজনক ভাৱে আন্তঃ ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটিলৈ পৰিণত হৈছে তেজপুৰ চহৰ ৷ তেজপুৰৰ পৰা আফ্ৰিকা, আমেৰিকাৰ ফোন নম্বৰত WhatsApp ব্যৱহাৰ কৰি বহু যুৱতীক জালত পেলাই নিষিদ্ধ কাৰ্য সংঘটিত কৰি আহিছিল ৱাহিদ আলমে ৷

লগতে পঢ়কঃমানৱ দেহৰ অংগ সৰবৰাহকাৰী চক্ৰ বনাম অসম আৰক্ষী : পুনৰ সফলতা আৰক্ষীৰ

ইফালে ৱাহিদৰ পৰা জব্দ কৰা ম'বাইল আৰু লেপটপ দেখি হতবাক হৈ পৰিছে আৰক্ষী ৷ কম্পিউটাৰ বিজ্ঞানৰ বহু জ্ঞান আহৰণ কৰা তথা অভিজ্ঞতা পূৰ্ণ ব্যক্তিয়ো এনে কাৰ্য সাধনৰ বাবে সমৰ্থ নহয় বুলি জনাইছে আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় ঘৱনাতে ৷ আৰক্ষীয়ে জনোৱা মতে,এই যুৱক জনে যুৱতীৰ পৰ্ণ ছবি নিৰ্মাণ কৰি আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত বিক্ৰী কৰে ৷ মুম্বাইৰ ৰাজ কুন্দ্ৰাতকৈয়ো ভয়াৱহ জাল তৰিছিল ৱাহিদে ৷ ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত বহুতো নতুন নতুন তথ্য আহৰণ কৰিছে ৷

লগতে এইধৰণৰ যিকোনো সমস্যাৰ সন্মুখীন হোৱা সকলক শীঘ্ৰে আৰক্ষীৰ কাষ চাপিবলৈ আহ্বান জনাইছে শোণিতপুৰৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ এই ক্ষেত্ৰত আৰক্ষীৰ সম্পূৰ্ণ সহযোগ থাকিব বুলি জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়কঃনীলা ছবি নিৰ্মাণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেজপুৰৰ যুৱকৰ ব্যৱসায় !

ABOUT THE AUTHOR

...view details