অসম

assam

ETV Bharat / state

তেজপুৰত আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰৰ দল আটক - তেজপুৰত আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰৰ দল আটক

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন্তঃৰাষ্ট্ৰীয় চোৰৰ দলটোৰ সদস্য কেইজন ক্ৰমে ঢেকিয়াজুলিৰ জিন্নত আলি আৰু নুৰ মহম্মদ, খানাপাৰৰ মঃ আজিমুদ্দিন, তেজপুৰ জাহাজ ঘাটৰ ৰাজেছ বাগোৱাৰ ৷ উল্লেখ্য যে, তেজপুৰ জাহাজ ঘাটৰ ৰাজেছ বাগোৱাৰে পত্নী এলেব চেংকৰ স'তে বিগত বহু দিন ধৰি গাড়ী চোৰৰ ব্যৱসায় চলাই আহিছে ।

আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰৰ দল আটক
আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰৰ দল আটক

By

Published : Jan 11, 2020, 7:43 PM IST

তেজপুৰ, 11 জানুৱাৰীঃতেজপুৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ ঘটনা অনুসৰি, চলিত বৰ্ষৰ 4 জানুৱাৰীত গাড়ী চোৰৰ দল এটাই কলিয়াবৰৰ পৰা ইটানগৰ অভিমুখী AS-2-5D -C2612 নম্বৰৰ এখন বলেৰ' বাহন এখনৰ চালকক সোনাবিল চাহ বাগিছাত বান্ধি থৈ গাড়ীখন লৈ উধাও হয় ৷ বলেৰ' গাড়ীখনৰ চুৰিৰ সন্দৰ্ভত তেজপুৰ আৰক্ষীয়ে জিলা থানাত ৪২/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰে ৷

লগতে পঢ়ক: NCRB ধৰ্ষণ প্ৰতিবেদন, 2018 ৰ শীৰ্ষত অসম

আৰক্ষীয়ে অনুসন্ধানত বলেৰ' চুৰিত ব্যৱহৃত AS-2-5C-9416 নম্বৰৰ মাৰুতি জেনখন জব্দ কৰাৰ লগতে এটা দম্পত্তি ৰাজেছ বাগোৱাৰে আৰু পত্নী এলেব চেংকেসহ ৫জনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন্তঃৰাষ্ট্ৰীয় চোৰৰ দলটোত সদস্য কেইজন ক্ৰমে ঢেকিয়াজুলিৰ জিন্নত আলি আৰুনুৰ মহমদ. খানাপাৰৰ মঃআজিমুদ্দিন, তেজপুৰ জাহাজ ঘাটৰ ৰাজেছ বাগোৱাৰ ৷ উল্লেখ্য যে, তেজপুৰ জাহাজ ঘাটৰ ৰাজেছ বাগোৱাৰে পত্নী এলেব চেংকৰ স'তে বিগত বহু দিন ধৰি গাড়ী চোৰৰ ব্যৱসায় চলাই আহিছে ।

ABOUT THE AUTHOR

...view details