তেজপুৰ, ৯ নৱেম্বৰ : আজি আন্তৰ্জাতিক দত্তক মাহ, ২০২২ (International Adoption Month) উদ্বোধন উপলক্ষে শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত এক কাৰ্যসূচী অনুষ্ঠিত হয় । এই বছৰৰ ‘আইনী দত্তক গ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰসাৰ’ বিষয়বস্তু লৈ আয়োজন কৰা আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া কবিতা ফাংচোৱে (International Adoption Month at Tezpur) ।
সভাত উপস্থিত থাকে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক জে আহমেদ, শোণিতপুৰ জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষ আভা বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা (Sonitpur District Child Welfare Committee) । আজিৰ কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ বিষয়া, দত্তক পিতৃ-মাতৃ, সম্ভাৱনীয় দত্তক পিতৃ-মাতৃ আৰু বিভিন্ন বেচৰকাৰী সংগঠন উপস্থিত থাকে ।
আজিৰ এই সভা জিলা শিশু সুৰক্ষা গোটৰ (Child Protection Group) উদ্যোগত আৰু ৰাজ্যিক দত্তক সম্পদ সংস্থাৰ আৰু শোণিতপুৰ জিলাৰ বিশেষ দত্তক সংস্থাৰ সহযোগত আয়োজন কৰা হয় । এই উপলক্ষে শোণিতপুৰ জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষগৰাকীয়ে কেন্দ্ৰীয় দত্তক সম্পদ সংস্থাৰ সৈতে জড়িত আইনী পদ্ধতি গ্ৰহণ, অনানুষ্ঠানিক আৰু অবৈধ দত্তক গ্ৰহণ পদ্ধতি, গৃহ জৰীপ প্ৰতিবেদন, অনুমোদিত বিদেশী দত্তক সংস্থাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় গ্ৰহণ ইত্যাদি সম্পৰ্কে বিস্তৃত বিষয়ৰ ওপৰত আলোচনা কৰে ।