তেজপুৰ, ৮ জুলাই : তেজপুৰ ডিফেঞ্চ ৰিচাৰ্ছ লেৱৰেটৰী ডি আৰ ডি অ’ য়ে থলুৱা ভাৱে নিৰ্মাণ কৰা ব্ৰহ্মজ মিছাইল চুখই ৩০ এম কে আইক যুদ্ধ জাহাজত স্থাপন কৰা হৈছে । তেজপুৰ ডিফেঞ্চ ৰিচাৰ্ছ লেৱৰেটৰীয়ে আজি এই ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰীৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে । ৰাছিয়াৰ লগত যৌথভাবে এই মিছাইল তৈয়াৰ কৰা হৈছিল ৷ বৰ্তমান সকলো প্ৰতিৰক্ষা বাহিনীৰ নেভি আৰু বায়ুসেনাৰ যুদ্ধ জাহাজৰ জৰিয়তে ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে এই ব্ৰহ্মজ ক্ৰুজ মিছাইল । ভাৰতবৰ্ষৰ ৫২ টা বিভিন্ন লেৱৰেটৰীয়ে এই সামগ্ৰী প্ৰস্তুত কৰিছে ।
আত্মনির্ভৰ ভাৰতৰ লক্ষ্যৰে ডি আৰ ডি অ’ য়ে যুদ্ধ সামগ্ৰী প্ৰস্তুত কৰিছে আৰু দেশত আজিৰ দিনলৈ মুঠ ৩ লাখ কোটি এনে সামগ্ৰী প্ৰস্তুত কৰি তুলিছে ৷ ইতিমধ্যেই ২৫ হাজাৰ কোটিৰ নতুন সামগ্ৰী প্ৰস্তুতিৰ বাবে চৰকাৰীভাবে অনুমোদিত হৈ আছে বুলি জানিবলৈ দিয়ে তেজপুৰ ডিফেঞ্চ ৰিচাৰ্ছ লেৱৰেটৰীৰ সঞ্চালক ডা: ডি ভি কম্বোজে । আত্মনির্ভৰ ভাৰতৰ অধীনত শেহতীয়াকৈ এক হাজাৰৰো অধিক ব্যক্তিগত উদ্যোগ ডি আৰ ডি অ’ ৰ অধীনত আছে । ইয়াৰ উপৰিও ডি আৰ ডি অ’ ই বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিছে যি সেনাৰ বাবে আৰু লগতে সাধাৰণ লোকৰ বাবেও সহায়ক বুলি জানিবলৈ দিয়ে তেওঁ ৷