অসম

assam

ETV Bharat / state

লাডেনক চিকিৎসা প্ৰদান বন বিভাগৰ

বন্যহস্তীটোৰ দীঘল দাঁত কটাৰ পৰিকল্পনাৰে দুস্কৃতিকাৰীয়ে আহত কৰিছিল লাডেনক । হাতীটোৰ পাছফালৰ বাঁওভৰিখনত সোমাই আছিল ৰ’ড । আহত লাডেনক চিকিৎসা প্ৰদান বন বিভাগৰ ৷

লাডেনক চিকিৎসা প্ৰদান বন বিভাগৰ

By

Published : Jul 6, 2019, 11:06 PM IST

ৰঙাপৰা,06 জুলাইঃ জীৱন মৰণৰ সৈতে যুঁজি থকা বনৰীয়া হাতী লাডেনক অৱশেষত বন বিভাগে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে । শোণিতপুৰৰ ৰঙাপৰাত সন্ত্ৰাস চলাই থকা 'লাডেন' নামৰ বনৰীয়া হাতীটোক চিকিৎসা কৰাৰ উদ্দেশ্যৰে আজি পুৱা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ চাৰিআলিৰ ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোহাঁই ৰঙাপৰাত উপস্থিত হয় । ৰঙাপৰাৰ ২ নং নাহৰণী গ্ৰাণ্টত বিচৰণ কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোক ট্ৰেংকুইলাইজ কৰা হয় । দুবাৰকৈ ট্ৰেংকুইলাইজ কৰা বনৰীয়া হাতীটোক প্ৰকৃতি প্ৰেমী সৌৰভ বৰকটকী, দিলীপ নাথ, জিলা বন বিষয়া ৰঞ্জিত কোঁৱৰ, আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ সহযোগত চিকিৎসা আগবঢ়োৱা হয় ৷

লাডেনক চিকিৎসা প্ৰদান বন বিভাগৰ

অভিযোগ অনুসৰি প্ৰকাণ্ড বন্যহস্তীটোৰ দীঘল দাঁত কটাৰ পৰিকল্পনাৰে দুস্কৃতিকাৰীয়ে আহত কৰিছিল লাডেনক । হতীটোৰ পাছফালৰ বাঁওভৰিখনত সোমাই আছিল ৰ’ড । ভৰিখনৰ যন্ত্ৰণাত বন্যহস্তীটোৱে খোজ কাঢ়িব নোৱাৰি আৰ্তনাদ কৰি ইফালৰ পৰা সিফালে বিচৰণ কৰি ফুৰিছিল । বনৰীয়া হাতীটো ক্ৰমান্বয়ে সুস্থ হৈ উঠিব বুলি স্থানীয় ৰাইজ, বন বিভাগ আৰু সংবাদকৰ্মী সকলে আশা প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

...view details