বগীজুলিলৈ গাঁৱলৈ পোহৰ আহিল ! - শোনিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টি
"ডিজিটেল ইণ্ডিয়া"ৰ যুগত ঘোৰ অমানিশাৰ মাজত দিন কটোৱা বগীজুলিবাসীয়ে অৱশেষত লাভ কৰে বিনামূলীয়া বিদ্যুৎ যোগান ৷ স্বাধীনতাৰ পাছৰে পৰা বিদ্যুৎ সেৱাৰ বঞ্চিত হৈ থকা বগীজুলি গাঁওবাসীয়ে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু শক্তি বিভাগৰ যৌথ উদ্যোগত লাভ কৰিলে বিদ্য়ুৎ সেৱা ।
ৰঙাপৰা,8 জুলাই : অসম-অৰুণাচল সীমান্তৱৰ্তী শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বগীজুলি গাঁও খনে স্বাধীনতাৰ পাছৰে দেখা পোৱা নাছিল বিদ্যুতৰ পোহৰ ৷ একৈশ শতিকাৰ দিনতো অন্ধকাৰৰ মাজত দিন কটাবলগীয়া গাঁওখনৰ ৰাইজ তথা শিক্ষাৰ্থীসকলে কেৰাচিনৰ লেম্প, চাকি, মমৰ পোহৰৰ মাজতে চৰম দুৰ্ভোগৰ মাজেৰে অধ্যয়ন কৰিছিল । দেওবাৰে গাঁওখনলৈ সুখবৰ কঢ়িয়াই আনে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বহুদিন ধৰি আবেদন নিবেদন কৰি থকাৰ অন্তত বিধায়ক পদ্ম হাজৰিকা আৰু বিদ্যুৎ বিভাগৰ যৌথ উদ্যোগত অসম চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনত বগীজুলী গাওঁবাসীয়ে লাভ কৰিলে বিদ্যুৎ সেৱা। গাঁওখনৰ প্ৰতিখন ঘৰলৈ যোগান ধৰা হৈছে বিনামূলীয়া বিদ্যুৎ যোগান। বহু বছৰৰ পিছত পোহৰৰ মুখ দেখা পোৱা বগীজুলীবাসী ৰাইজে উৎফুল্লিত হৈ পৰে লগতে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাক।