অসম

assam

By

Published : May 13, 2019, 2:50 PM IST

ETV Bharat / state

ৰঙাপৰাৰ অনুভাষ যন্ত্ৰবোৰৰ কাম কি?

ইতিমধ্যে মাইক সংযোগ কৰা তাঁৰবোৰ দুষ্কৃতিকাৰীয়ে ঠায়ে ঠায়ে কাটি পেলোৱাৰ লগতে চুৰ কৰি নিছে মাইকবোৰো । স্থানীয় ৰাইজে কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছে যদিও আজিকোপতি ফল নধৰিলে বুলি জানিব পৰা গৈছে । চৰকাৰী আঁচনিখন চৰকাৰেই কাৰ্যক্ষম কৰাৰ চেষ্টা নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

ধোঁৱাচাঙত চৰকাৰৰ তথ্য ও জনসংযোগ বিভাগৰ আঁচনি

ৰঙাপৰা, ১৩ মে': শোণিতপুৰ জিলাৰ মিছামাৰীত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ এখন আঁচনি সম্প্ৰতি ধোঁৱাচাঙত উঠা পৰিলক্ষিত হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে মিছামাৰীত ৰাইজৰ হিতাৰ্থে স্থাপন কৰা হৈছিল কেইবাটাও মাইক । বৃহত্তৰ অঞ্চলটোৰ কেন্দ্ৰস্থল গৰুবন্ধাত ৰাইজে এই মাইকেৰে পুৱা - গধূলি বাতৰি শুনি আহিছিল । কিন্তু দিন বাগৰাৰ লগে লগে যন্ত্ৰবোৰ বিকল হৈ পৰাৰ লগতে মেৰামতিৰ অভাৱত চৰকাৰী প্ৰচাৰ মাধ্যমটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ।

ধোঁৱাচাঙত চৰকাৰৰ তথ্য ও জনসংযোগ বিভাগৰ আঁচনি

উল্লেখ্য যে, মিছামাৰী থানাৰ জৰিয়তে পৰিচালিত এই মাইকবোৰ মেৰামতি নকৰাৰ ফলত সম্পূৰ্ণৰূপে বিকল হৈ পৰে ৷ ইতিমধ্যে মাইক সংযোগ কৰা তাঁৰবোৰ দুষ্কৃতিকাৰীয়ে ঠায়ে ঠায়ে কাটি পেলোৱাৰ লগতে চুৰ কৰি নিছে মাইকবোৰো । স্থানীয় ৰাইজে কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছে যদিও আজিকোপতি ফল নধৰিলে বুলি জানিব পৰা গৈছে । চৰকাৰী আঁচনিখন চৰকাৰেই কাৰ্যক্ষম কৰাৰ চেষ্টা নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

ABOUT THE AUTHOR

...view details