তেজপুৰ, 19 অক্টোবৰঃভাৰতীয় স্থলসেনা আৰু জাপানী স্থলসেনাৰ মাজত শনিবাৰৰ পৰা আৰম্ভ হয় এক যুটীয়া সৈন্য অনুশীলন ৷ "Exercise Dharma Guardian 2019" শীৰ্ষক নামে অনুষ্ঠিত হৈছে এই যুটীয়া অনুশীলন ৷ মিজোৰামৰ ভিৰাংটেস্থিত স্থলসেনাৰ Counter Insurgency and Jungle Warfare School চমুকৈ CIJWSত আজিৰে পৰা আগন্তুক 72 ঘন্টা ধৰি চলিব এই অনুশীলন ৷
মিজোৰামৰ CIJWSত ৰণডংকা ভাৰত-জাপান সেনাৰ
আজিৰে পৰা মিজোৰামত আৰম্ভ হৈছে ভাৰতীয় স্থলসেনা আৰু জাপানী স্থলসেনাৰ যুটীয়া সৈন্য অনুশীলন ৷ মিজোৰামৰ ভিৰাংটেস্থিত স্থলসেনাৰ Counter Insurgency and Jungle Warfare School চমুকৈ CIJWSত আৰম্ভ হৈছে যুটীয়া অনুশীলন "Exercise Dharma Guardian 2019" শীৰ্ষক অনুশীলন ৷
ভাৰতীয় স্থলসেনাৰ ডোগ্ৰা ৰেজিমেন্ট আৰু জাপানী সেনাৰ Japanese Ground Self Defence Forceৰ 34 ইনফেন্ট্ৰি ৰেজিমেন্টৰ 1st Divৰ সৈনিকসকলে অংশগ্ৰহণ কৰিছে এই অনুশীলনত ৷ দুয়োখন দেশৰ 25 গৰাকীকৈ সৈনিকে অংশগ্ৰহণ কৰিবলগীয়া এই অনুশীলনত সৈনিকসকলৰ পাৰস্পৰিক সম্পৰ্কৰ লগতে অন্যান্য দিশত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব ৷ ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰণালীৰ লগতে জাপানী সেনাৰ অস্ত্ৰ প্ৰণালী আৰু সৈনিক অভ্যাসৰ যুটীয়া আদান-প্ৰদান হ'ব এই অনুশীলনত ৷ এই অনুশীলনৰ দ্বাৰা সন্ত্ৰাসবাদ প্ৰতিৰোধ,গেৰিলা যুদ্ধাভ্যাস, জংঘল যুদ্ধাভ্যাস,জংঘলত জীয়াই থকাৰ পদ্ধতি ইত্যাদি দিশৰ ওপৰত অধিক প্ৰশিক্ষণ গ্ৰহণ কৰিব দুয়োখন দেশৰ সৈনিকসকলে ৷
উল্লেখ্য যে,ভাৰত আৰু জাপানৰ সেনাৰ মাজত অনুষ্ঠিত হোৱা এয়া হৈছে দ্বিতীয়টো যুটীয়া সৈন্যাভ্যাস ৷ বিগত বৰ্ষৰ 1ৰ পৰা 14 নৱেম্বৰলৈ মিজোৰামৰ ভিৰাংটেস্থিত CIJWSত চলিছিল এই অনুশীলন ৷ ভাৰতীয় সেনাৰ 6/1 গোৰ্খা ৰেজিমেন্ট আৰু Japanese Ground Self Defence Forceৰ 32 ইনফেন্ট্ৰি ৰেজিমেন্টৰ সৈনিকে প্ৰথমটো "Exercise Dharma Guardian 2018"ত অংশগ্ৰহণ কৰিছিল ৷
উল্লেখ্য যে, মিজোৰামৰ ভিৰাংটেস্থিত CIJWS হৈছে এখন বিশ্বমানৰ সৈনিক প্ৰশিক্ষণ প্ৰতিষ্ঠান য'ত জংঘল যুদ্ধশৈলীৰ লগতে গেৰিলা যুদ্ধশৈলীৰ ওপৰত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে ভাৰতীয় স্থলসেনাই ৷ ভাৰতীয় স্থলসেনাৰ সাধাৰণ পদাতিক সৈনিকৰ লগতে ভাৰতীয় সৈন্যবাহিনীৰ অন্তৰ্গত বিশেষ বাহিনী আৰু অন্যান্য অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী বাহিনীৰ কামাণ্ডো ইউনিটক ইয়াত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ CIJWSৰ অৱস্থান আৰু উন্নতমানৰ বিজ্ঞানসন্মত প্ৰশিক্ষণ নীতিৰ বাবেই বছৰি ইয়াত বিশ্বৰ আগশাৰীৰ সৈন্যবাহিনীৰ বিশেষ বাহিনী অৰ্থাৎ কামাণ্ডো ইউনিটসমূহে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহে ৷