তেজপুৰ, 18 জুনঃভাৰত-চীন সীমান্তত এতিয়া যুদ্ধৰ প্ৰস্তুতি ৷ গালৱান উপত্যকাত 20 গৰাকীকৈ ভাৰতীয় সেনা বাহিনীৰ জোৱানে প্ৰাণ হেৰুৱাৰ পিচত এতিয়া, মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে হাই এলাৰ্ট ঘোষণা কৰাৰ পিচতে সষ্টম হৈ আছে সেনা বাহিনীৰ বিভিন্ন ঘাটি সমূহ ৷ সীমান্তত প্ৰেৰণ কৰা হৈছে আই টি বি পিৰ অতিৰিক্ত বাহিনী ৷ মে' মাহত ভাৰতীয় সেনা বাহিনীৰ মুখ্য সেনাধ্যক্ষ এছ এন নাৰাভানে তেজপুৰৰ চতুৰ্থ ক'ৰ্পছ পৰিদৰ্শন কৰে ৷ তাৰ লগে লগে বায়ু সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীৰ লগতে দুয়োগৰাকী বিষয়াই তেজপুৰ বিমান ঘাটিৰ লগতে সীমান্তৰ পাদদেশ পৰিদৰ্শন কৰে ৷
ইয়াৰ পূৰ্বে চীনা সৈন্যই অৰুণাচল প্ৰদেশৰ কেবাটাও সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰিছিল । এই সমগ্ৰ ঘটনাৰ পিচতে সীমান্তত অতিৰিক্ত সেনা বাহিনী মোতায়েন কৰা হৈছিল বুলি এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ কিন্তু সূত্ৰটোৱে এই সেনাৰ সময় অনুযায়ী স্থানান্তৰ হ'ব বুলিও ক'ব বিচাৰে ৷ইয়াৰ পিচত উত্তৰ-পূৰ্বাঞ্চলৰ ছিকিমত ৮ মে'ত চীনা সৈন্যৰ লগত ভাৰতীয় সৈন্যৰ দ্বিতীয়টো হতাহতি আৰু প্ৰতিৰক্ষা বাহিনীৰ সূত্ৰত প্ৰকাশ পাইছিল যে, উক্ত ঘটনাৰ পৰা ভাৰতীয় সেনাৰ 3 জন সেনা জোৱান গুৰুতৰভাৱে আহত হৈছিল ৷ তাৰ পিচতে উত্তৰাখণ্ড আৰু অৱশেষত লাডাখ গেলৱালত ১৫ জুনত শ্বহীদ হৈছিল ২৯ গৰাকী সেনা ৷ সম্পূৰ্ণ এটা মাহৰ ভিতৰতে সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰত আৰু চীনৰ সীমান্তত নিবদ্ধ হৈ পৰিল ৷
ভাৰত-চীন সীমান্ত অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা পশ্চিম দিশত ভাৰত-তিব্বত -ভূটান সীমান্তলৈ বিস্তাৰিত হৈ আছে ৷ অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা 42 কিলোমিটাৰ দূৰত্বত অৱস্থিত লুমলা অঞ্চলৰ পথেদি, ১৯৬২ চনত চীনা সৈন্যই ভাৰতত প্ৰবেশ কৰিছিল ৷ দুৰ্গম পথ অতিক্ৰম কৰি, তেতিয়াৰ বৃহৎ লোহাৰ সাঁকো তৈয়াৰেৰে লুমলা পৰা টাৱাং প্ৰৱেশ কৰে ৰঙা চীনৰ সৈন্যই ৷
১৯৬২ চনৰ ৮ ছেপ্টেম্বৰত হঠাৎ লুমলা সীমান্তত আক্ৰমণ হয় ৷ এই সীমান্তৰ দায়িত্বত আছিল তেতিয়াৰ ভাৰতীয় সেনাৰ বিগ্ৰেডিয়াৰ জে.পি ডালভি ৷ সেই সময়ত নেফাৰ দায়িত্ব থকা ভাৰতীয় সেনাৰ বিষয়া গৰাকীয়ে তেওঁৰ গ্ৰন্থ দ্য হিমালয়ান বালন্দাৰ ত উল্লেখ কৰা মতে 1958 চনৰ পৰাই চীনা সৈন্যই ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল আৰু পৰৱৰ্তী সময়ত ভাৰত তিব্বতৰ " নাম কা চু " ত থকা অসম ৰাইফলছ বাহিনীৰ ওপৰত প্ৰায় 600 চীনা সৈন্যই আক্ৰমণ কৰে ৷ তাৰ পাচত ১৯৬২ চনৰ ৮ ছেপ্টেম্বৰত উক্ত স্থানত ব্ৰিগেডিয়াৰ মোতায়েন কৰা হৈছিল ৷