অসম

assam

By

Published : Nov 20, 2020, 9:45 PM IST

ETV Bharat / state

ক’ভিড-১৯ৰ বাণিজ্যিক প্ৰভাৱ পৰিছে ভাৰত-ভূটান সীমান্তত

মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি ভূটানৰ মাংবান অঞ্চলৰ পৰা অসমৰ বপেটাৰোড-শিলিগুৰি আদি অঞ্চললৈ ব্যৱসায়িক সূত্ৰে ভূটানৰ লোকসকল আহিছিল ৷ কিন্তু সেয়া বৰ্তমান স্তব্ধ হৈ পৰিছে । একমাত্ৰ অতিমাৰী ক’ভিড-১৯ ৰ বাবে যোৱা ৮ মাহে আদান-প্ৰদান বিঘ্নিত হৈছে নামনি অসমৰ বিভিন্ন অঞ্চলত ।

indo bhutan border
indo bhutan border

তেজপুৰ,২০ নৱেম্বৰ : ভাৰত ভূটান সীমান্তৰ বাণিজ্যিক ব্যৱস্থা পূৰ্বতকৈ কিছু পৰিমাণে লাঘৱ হৈছে । একমাত্ৰ অতিমাৰী ক’ভিড-১৯ ৰ বাবে যোৱা ৮ মাহে আদান-প্ৰদান বিঘ্নিত হৈছে নামনি অসমৰ বিভিন্ন অঞ্চলত ।

ক’ভিড-১৯ ৰ বাণিজ্যিক প্ৰভাৱ পৰিছে ভাৰত-ভূটান সীমান্তত

মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি ভূটানৰ মাংবান অঞ্চলৰ পৰা অসমৰ বপেটাৰোড-শিলিগুৰি আদি অঞ্চললৈ ব্যৱসায়িক সূত্ৰে ভূটানৰ লোকসকল আহিছিল ৷ কিন্তু সেয়া বৰ্তমান স্তব্ধ হৈ পৰিছে । এই সময়ছোৱাত ভূটানৰ পৰা কমলা আৰু বহুতো শীতকালীন পোছাক অসমলৈ আহে । তাৰ লগতে চিৰঠা,জিপচাম নামৰ এবিধ পদাৰ্থ পূৰ্বে অসমলৈ ব্যৱসায়িক ভিত্তিত আহিছিল কিন্ত এতিয়া এজন ব্যক্তিৰো আগমণ নঘটে । মানস ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা মানস নদীৰ পাৰত ভূটান চৰকাৰে এটা সুৰক্ষা শিবিৰ নিৰ্মাণ কৰিছে ৷ তাৰ সমান্তৰালভাৱে আন এটা দিশে আছে সচেষ্ট সীমা বলৰ লোক ৷ যি দুইখন দেশৰ সীমাত সুৰক্ষা প্ৰদান কৰি আহিছে । যাৰ ফলত স্থবিৰতা আহি পৰিছে ব্যৱসায়ত ৷

লগতে পঢ়ক :অখিল গগৈৰ মুক্তিৰ দাবী কৰি আটক ছাত্ৰ মুক্তিৰ সদস্য

ABOUT THE AUTHOR

...view details