তেজপুৰ, ১ ছেপ্টেম্বৰ :পুনৰ অশান্ত হৈছে মণিপুৰ । ৰাজ্যখনৰ কিছুমান অঞ্চলত পুনৰ হিংসাত্মক কাৰ্যকলাপ আৰম্ভ হৈছে । ইয়াৰ মাজতে ইণ্ডিজিনিয়াছ ট্ৰাইবেল লিডাৰ ফ'ৰামে (Indigenous tribal leaders forum) জৰুৰীকালীন বন্ধৰ ঘোষণা কৰিছে । সংগঠনটোৱে লংফাই কোহচোৰাংবাং,কাংভাই আৰু সুগনো অঞ্চলত আজিৰে পৰা জৰুৰীকালীন বন্ধ ঘোষণা কৰিছে ।
বৃহস্পতিবাৰে সংগঠনটোৱে বিষ্ণুপুৰ, চুৰাচান্দপুৰ আৰু কাংভাই অঞ্চলত হোৱা ভয়ানক গোলাবর্ষণৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে । একমাত্ৰ জৰুৰী সেৱাৰ বাহিৰে সকলো বন্ধৰ ঘোষণা কৰা হৈছে । মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ থামনাপোকপিত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে দিনজোৰা মটাৰ আৰু বন্দুকৰ আক্ৰমণ চলায় । য'ত এজন লোক নিহত হোৱাৰ লগতে ৮ জন লোক আহত হয় ।
জানিব পৰা মতে নিহত লোকজন থামনাপোকপিৰ পেবাম দেবান বুলি চিনাক্ত কৰা হৈছে । আনহাতে সুৰক্ষা বাহিনীৰ প্ৰত্যুত্তৰত ৬ কুকি উগ্ৰপন্থী নিহত হোৱা বুলিও স্থানীয় সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ পাইছে । এই ঘটনাটোত মুঠ ৮ জনৰ মৃত্যু আৰু ৮ জন আহত হয় । বৃহস্পতিবাৰে প্ৰায় ২.৪০ বজাত সংঘটিত হোৱা এই ঘটনাৰ ফলত অঞ্চলটোত ৪ জন সাংবাদিক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে । এই ঘটনাত নিহত এজন খেতিয়ক আৰু এজন সাধাৰণ লোকো আছে । আনহাতে আহত লোকসকলৰ ভিতৰত ২ জন সুৰক্ষা কৰ্মীও আছে ।