তেজপুৰ, ২৭ ডিচেম্বৰ :মঙলবাৰে সমগ্ৰ দেশজুৰি আয়োজন কৰা হয় ক’ভিডৰ মকড্ৰিল (Mock drill on covid preparedness) ৷ ক’ভিডৰ এই মকড্ৰিল হৈছে ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ পূৰ্বে লোৱা কিছু সজাগতা ৷ ইতিমধ্যে ক’ভিডক লৈ দেশজুৰি জাৰি কৰা হৈছে ক’ভিডৰ সতৰ্কতা ৷
আনকি ক’ভিডৰ মকড্ৰিলত দেশৰ প্ৰতিখন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীক অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰই আহ্বান জনাইছে ৷ লগতে ৰাজ্যৰ প্ৰতিখন ক’ভিড চিকিৎসালয়ত অনুষ্ঠিত কৰা হ’ব এই মকড্ৰিল ৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই (Union Ministry of Health on Covid) ৷
ক’ভিডৰ মকড্ৰিল অনুষ্ঠানৰ দিনাই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta at Tezpur) ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়, ‘‘বৰ্তমানলৈকে ক’ভিডক লৈ কোনো ধৰণৰ প্ৰট’কল দিয়া হোৱা নাই ৷ কিন্তু ইতিপূৰ্বে এজনৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে ৷ কিন্তু সকলোৱে সাৱধানতা অৱলম্বন কৰাতো অত্যন্ত জৰুৰী’’ ৷
অৱশ্যে এইক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষকৈ বহিঃৰাষ্ট্ৰৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত বিমানবন্দৰত চোকা নজৰ ৰখা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ত ICU আৰু চিকিৎসক সাজু কৰি ৰখা বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ ইফালে ক’ভিড ভেকচিনৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ চীনৰ ভেকচিনতকৈ ভাৰতত প্ৰস্তুত হোৱা ভেকচিন অধিক শক্তিশালী বুলি উল্লেখ কৰে কেশৱ মহন্তই (India’s covid vaccine stronger than China said Keshab Mahanta)৷