তেজপুৰ, ৫ মাৰ্চ :ভাৰতীয় ৰেলৱেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি আৰম্ভ কৰা ভাৰত গৌৰৱ ডিলাক্স এ চি টুৰিষ্ট ৰেলে চলিত মাহত গুৱাহাটীৰ লগতে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সিদ্ধান্ত লৈছে । অহা ২১ মাৰ্চৰ পৰা দিল্লী চফদৰজং ৰেলৱে ষ্টেচনৰ পৰা আৰম্ভ হ’বলগীয়া এই ৰে’ল ভ্ৰমণে অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু ক’হিমা আৰু মেঘালয়ৰ শ্বিলং, চেৰাপুঞ্জীক ১৫ দিনৰ ভিতৰত এই সামৰি ল’ব বুলি জানিবলৈ দিয়ে ৰেল বিভাগৰ তৰফৰ পৰা । মুঠ ১৫ দিন আৰু ১৪ নিশাৰ বাবে এই ৰেলখনে যাত্ৰা আৰম্ভ হোৱাৰ পিচত প্ৰথমে ৰ’ব গুৱাহাটীত ৷ য’ত পৰ্যটকে কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰৰ লগতে কিছু স্থান ভ্ৰমণ কৰিব (Bharat Gaurav Train to North East )।
ইয়াৰ পিচতে নিশাৰ ভাগত নাহৰলগুন, শিৱসাগৰৰ বিভিন্ন ঐতিহ্য ক্ষেত্ৰত ভ্ৰমণ কৰিব । যোৰহাটৰ চাহ বাগিচা আৰু কাজিৰঙাত নিশা কটোৱাৰ উপৰিও ৰাতিপুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জংঘল ছাফাৰী কৰিব পৰ্যটকসকলে । ডিলাক্স এ চি পৰ্যটন ৰেলখনে ইয়াৰ পিচত ফৰকাটিং ৰেলৱে ষ্টেচনৰ পৰা ত্ৰিপুৰা, আগৰতলালৈ ৰাওনা হ’ব । ত্ৰিপুৰাৰ পাচত নাগালেণ্ড ভ্ৰমণৰ বাবে ডিমাপুৰলৈ ৰাওনা হ’ব ৰে’লখন (North East Discovery Beyond Guwahati)।
নাগালেণ্ড ভ্ৰমণ সমাপ্ত হোৱাৰ পিচতে পৰ্যটকৰ ৰে’লখন গুৱাহাটীত উপস্থিত হ’ব ৷ ইযাৰ পৰা পৰ্যটকসকলক মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙলৈ লৈ যোৱা হ’ব বুলি জানিবলৈ পৰা গৈছে ৷ মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে মেঘালয়, শ্বিলঙৰ কিছু অংশ ভ্ৰমণ কৰিব পৰ্যটকসকলে ৷ উল্লেখ্য যে, ৫৮০০ কিলোমিটাৰ পথ যাত্ৰীসকলে ৰেলযোগে ভ্ৰমণ কৰিব আধুনিক ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনখনৰ যোগেদি ৷