তেজপুৰ, ২৬ জুলাই : 26 জুলাইৰ দিনটো ভাৰতীয় সেনা (Indian Army)ৰ ইতিহাসত এক গৌৰৱৰ অধ্যায় ৷ এফালে ২২ বছৰ আগতে কাৰ্গিলৰ বিজয় দিৱস (Kargil Bijay Diwash), আনফালে ১৯৭১ চনৰ পাকিস্তানৰ লগত হোৱা বাংলাদেশ মুক্তিৰ ৫০ বছৰীয়া স্মৃতি । এই উপলক্ষে সোমবাৰে সেনাৰ ৫১ চাব এৰিয়াৰ দ্বাৰা এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ চাব এৰিয়াৰ দ্বাৰা আয়োজিত এই অভ্যৰ্থনা অনুষ্ঠানৰ স্বৰ্নিম বিজয় মাছাল (Swarnim vijay mashaal) সংকোশ নদী দলঙত গ্ৰহণ কৰা হয় ।
ভাৰতীয় সেনাৰ স্বৰ্নিম বিজয় মাছালৰ আদৰণি
১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ ৫০ বছৰৰ স্মৃতিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ১৬ ডিচেম্বৰ ২০২০ ত ফ্লেগ অফ কৰা স্বৰ্নিম বিজয় মাছালে সোমবাৰে অসম-পশ্চিমবংগ সীমান্তত ভাৰতীয় সেনাৰ ১০১ এলেকাত প্ৰৱেশ কৰে ।
ভাৰতীয় সেনাৰ স্বৰ্নিম বিজয় মাছালৰ আদৰণি
ভাৰতীয় সেনা (Indian Army)ৰ ১০১ ৰ হৈ ৫১ টা উপক্ষেত্ৰৰ এটা দলে অঞ্চলটোৰ প্ৰাক্তন আৰু অসামৰিক বিষয়-ববীয়াসকলৰ সহযোগিতাত গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত এই মাছাল (Swarnim vijay mashaal)ক আদৰণি জনায় । সংকোশ নদীৰ দলঙৰ এই মাছাল উদযাপনৰ সমাপ্তি ঘটে আৰু মেঘালয়ৰ তুৰালৈ মাছাল প্ৰেৰণ কৰা হয় । আনহাতে সেনাৰ মুখপাত্ৰই জনোৱা মতে, এই মাছাল ৮ আগষ্টলৈকে মেঘালয়ত থাকিব আৰু তাৰপিছত এই মাছাল (Swarnim vijay mashaal) অসমলৈ অনা হ’ব ।
লগতে পঢ়ক :পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত