অসম

assam

ETV Bharat / state

অৰুণাচলৰ ভাৰত-চীন সীমান্তত সেনা বাহিনীয়ে মজুদ কৰিছে ৰচদ-অস্ত্ৰ শস্ত্ৰ

সাম্প্ৰতিক সময়ত অসম অৰুণাচল প্ৰদেশৰ বিবাদিত অঞ্চল সমূহত চীনা সৈন্য বাহিনীৰ সমান্তৰালভাৱে ভাৰতীয় সেনাইও অৱলম্বন কৰিছে ব্যাপক তৎপৰতা ৷ সেনাই ইতিমধ্যে স্পৰ্শকাতৰ অঞ্চলসমূহত ব্যাপক মাত্ৰাত বায়ু সেনাৰ হেলিকপ্তাৰযোগে ৰছদ আৰু অস্ত্ৰ-শস্ত্ৰ মজুতকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ কিয়নো কিছুদিনৰ পিচতে অৰুণাচল প্ৰদেশত বৰফ পৰিব ৷ সেয়ে যিকোনো অনাহুত পৰিস্থিতিৰ বাবে সাজু আছে ভাৰতীয় সেনা বাহিনী ৷

By

Published : Sep 26, 2020, 7:39 PM IST

অৰুণাচলৰ ভাৰত-চীন সীমান্তত সেনা বাহিনীয়ে মজুদ কৰিছে ৰচদ-অস্ত্ৰ শস্ত্ৰ
অৰুণাচলৰ ভাৰত-চীন সীমান্তত সেনা বাহিনীয়ে মজুদ কৰিছে ৰচদ-অস্ত্ৰ শস্ত্ৰ

তেজপুৰ,২৪ ছেপ্টেম্বৰ :লাডাখত ভাৰত আৰু চীনা সৈন্যৰ মাজত ক'ৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ সিদ্ধান্তৰ পাছতে ভাৰতীয় বায়ু সেনাই লাডাখ অঞ্চলত মিগ -২১ আৰু চুখয়-৩০ কে ধৰি দ্ৰোণৰ জড়িয়তে আধিপত্য দখলৰ সমান্তৰাল কৈ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ সীমান্তত বায়ু সেনাৰ কুচকাৱাজ বৃদ্ধি কৰিছে ।

ভাৰত-চীন সীমান্তত সেনা বাহিনীয়ে মজুদ কৰিছে ৰচদ-অস্ত্ৰ শস্ত্ৰ
ইটিভি ভাৰতৰ হাতত আহি পৰা উক্ত অঞ্চলৰ আকাশ মাৰ্গত বায়ু সেনাৰ কুচকাৱাজৰ দৃশ্যই এই কথা স্পষ্ট কৰিছে । অৰুণাচল প্ৰদেশৰ সীমান্ত এলেকাৰ অন্তৰ্গত অঞ্চলসমূহত বায়ু সেনাৰ চিনুক হেলিকপ্টাৰৰ জড়িয়তে বিভিন্ন অত্যাধুনিক অস্ত্ৰ আৰু ৰচদ পাতি সাজু কৰি ৰখা হৈছে । ইতিমধ্যে সীমান্তত যথেষ্ট পৰিমাণে সেনা বাহিনীও মোতায়েন কৰা হৈছে যিহেতু আগন্তুক কেইদিনমানৰ পিছত সীমান্তত বৰফ পৰা আৰম্ভ হ'ব ৷
ভাৰত চীন সীমান্তলৈ ভাৰতীয় সেনাৰ সঞ্চালন

আনহাতে স্থানীয় সূত্ৰ মতে চীনা সৈন্য বাহিনীৰ তৎপৰতা দিবাং ভেলীৰ দক্ষিণ পূব দিশত সাগলাগাম আনজাও জিলা আৰু দিবাং ভেলীৰ উত্তৰ-পশ্চিম দিশত জিনকিলা আৰু ইপ্সি ভেলী বৰ্তমান স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিগণিত হৈছে। উক্ত অঞ্চলটোৰে চীনা সৈন্য বাহিনী অৰুণাচল প্ৰদেশৰ ভূমিত প্ৰৱেশ কৰে ।
চীন আৰু ভাৰতৰ সেনাৰ মাজত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ থকাৰ সময়তে দৈনিক ন ন তথ্য পোহৰলৈ আহিছে । স্থানীয় সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে যে কেইদিনমান আগতে অৰুণাচল প্ৰদেশৰ লেপৰাদা জিলাত হৰ্ঠাত পাহাৰৰ পৰা ভাঁহি অহা পানীয়ে দুজন লোকৰ থিতাতে মৃত্যু ঘটিছিল ।আচৰিত কথাটো যে আণ্ডাৰলা নামৰ ভাৰতীয় সেনাৰ পোষ্টৰ বিপৰীতে চীনা সৈন্যই পাহাৰৰ মাজত সচৰাচৰ জমা হৈ থকা হ্ৰদৰ পানী মুকলি কৰি দিয়াৰ ফলত সীমান্তৰ এখন এয়াৰ ফিল্ড জলমগ্ন হৈ পৰিছিল, কিন্তু পৰৱৰ্তী সময়ত উক্ত অঞ্চলটোক সুৰক্ষিত কৰাৰ কথা জানিব পৰা যায় ভাৰতীয় সেনাই।

অৰুণাচলত পথ নিৰ্মাণ কৰি থকা এটা দৃশ্য়
অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীৰ নাচু ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰত চীন সীমান্তৰ মেক মোহন লাইনৰ সমীপৰ পৰা ৫ জন তাগিন জনগোষ্ঠীৰ যুৱকক চীনৰ পি এল এ সৈন্যই বন্দী কৰি নিয়াৰ ১১ দিন পিছত চীনা সৈন্যই ভাৰতীয় সেনাৰ হাতত গতাই দিছিল যোৱা ১২ ছেপ্টেম্বৰত কিবিথো বৰ্ডাৰ পোষ্টত ।
ভাৰত-চীন সীমান্তত থকা এখন স্পৰ্শকাতৰ দলং

উল্লেখযোগ্য যে সেই সময়তে পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিং য়ে টুইটাৰত উল্লেখ কৰিছিল যে ডিবাং ভেলীৰ সীমাত বিছিং অঞ্চলৰ ওচৰত চীনা কমিউনিষ্ট পাৰ্টিৰ সহযোগত চীনা সৈন্যই কেবাটাও নতুন পথ নিৰ্মাণ কৰাৰ চেটেলাইটৰ জৰিয়তে সংগ্ৰহ কৰা চিত্ৰত প্রকাশ কৰিছিল ।

চীনৰ পি এল এ সৈন্যই বন্দী কৰি নিয়া তাগিন জনগোষ্ঠীৰ যুৱককেইজন
এৰিঙৰ মতে সীমান্তৰ ডিবাং ভেলীৰ আই টি বি পিৰ শেষ নিৰীক্ষণ শিবিৰৰ ডিম্বেনৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত এই পথ নিৰ্মাণ কৰিছে । তেওঁ জনোৱা মতে এই পথ ২০১৯ৰ আগষ্ট মাহৰ পৰা ২০২০ এপ্ৰিল আৰু আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ কৰিছে । ই এক ভয়াৱহ বিষয় ভাৰত চৰকাৰৰ বাবে আৰু চীনৰ এই কৌশলৰ বিষয়ে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী,প্রধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীক টুইটাৰ যোগে জনাইছিল । লগতে চাওকঃ ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিছাত বন্যহস্তীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details