অসম

assam

ETV Bharat / state

অৰুণাচল প্ৰদেশৰ মেচুকাত ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন

অৰুণাচলৰ শ্বি য়োমী জিলাৰ মেচুকাত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ‘সেনাক জানো আহক’ শীৰ্ষক অনুষ্ঠানৰ সফল সামৰণি ৷ অনুষ্ঠানত বিভিন্ন অত্যাধুনিক অস্ত্ৰ প্ৰদৰ্শন আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ভাৰতীয় সেনাৰ বিষয়ে এক আভাস দিয়াৰ চেষ্টা ভাৰতীয় সেনাবাহিনীৰ ৷

indian army showed armed in arunachal pradesh
অৰুণাচল প্ৰদেশৰ মেচুকাত ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন

By

Published : Jan 24, 2021, 9:37 PM IST

তেজপুৰ,24 জানুৱাৰী : অৰুণাচল প্ৰদেশৰ শ্বি য়োমী জিলাৰ মেচুকাত দুদিনীয়া কাৰ্যসূচীৰে ‘সেনাক জানো আহক’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে ভাৰতীয় সেনাবাহিনীয়ে ৷ এই অনুষ্ঠানযোগে সেনাই বিভিন্ন অত্যাধুনিক অস্ত্ৰ প্ৰদৰ্শন কৰাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ভাৰতীয় সেনাৰ বিষয়ে এক আভাস দিবলৈ চেষ্টা কৰে ।

অৰুণাচল প্ৰদেশৰ মেচুকাত ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন

শনিবাৰে আৰম্ভ হোৱা এই কাৰ্যসূচীৰ দেওবাৰে সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী সোনাই ৷ তেওঁ কয় যে, সেনাই যি ব্যৱস্থা গ্ৰহণ কৰিছে, এই ব্যৱস্থাই যথেষ্ট পৰিমাণে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব আৰু ভাৰতীয় সেনাক বুজিবলৈ সুবিধা প্ৰদান কৰিব ।

অৰুণাচল প্ৰদেশৰ মেচুকাত ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন

উল্লেখ্য যে, মেচুকাৰ বিভিন্ন বিদ্যালয়ৰ পৰা মুঠ 328 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :বিশ্বনাথত আছুৰ ক'লা দিৱস পালন

ABOUT THE AUTHOR

...view details