অসম

assam

ETV Bharat / state

Chinese soldiers abducted Arunachal youth: হটলাইন যোগে চীনা সেনাৰ লগত যোগাযোগ স্থাপন ভাৰতীয় সেনাৰ

পুনৰ অৰুণাচলৰ এজন যুৱকক চীনা সেনাই অপহৰণ কৰাৰ কথা পোহৰলৈ আহিছে (Chinese soldiers abducted Arunachal youth)। ভাৰতৰ প্ৰতিৰক্ষা বিভাগে স্বীকাৰ কৰিছে এই কথা । প্ৰতিৰক্ষা বিভাগৰ মতে ভাৰতীয় সেনাই এই বিষয়ত চীনা সেনাৰ সৈতে যোগাযোগ স্থাপন কৰিছে ।

By

Published : Jan 20, 2022, 6:15 PM IST

Updated : Jan 20, 2022, 9:05 PM IST

f
হতলাইন যোগে চীনা সেনাৰ লগত যোগাযোগ স্থাপন ভাৰতীয় সেনাৰ

তেজপুৰ, ২০ জানুৱাৰী :চীনা সৈন্যই অৰুণাচলৰ যুৱকক অপহৰণ কৰাৰ বিষয়টোৱে সমগ্ৰ দেশতে সম্প্ৰতি ব্যাপক চৰ্চা চলিছে (Chinese soldiers abducted Arunachal youth)। ইতিমধ্যে এই খবৰ সত্য বুলি স্বীকাৰ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে । তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেয়ে ইটিভি ভাৰতক জনোৱা মতে অৰুণাচল প্ৰদেশৰ জিৰ'ৰ পৰা ১৮ জানুৱাৰীৰ দিনা মিৰাম টাৰম নামৰ ১৭ বছৰীয়া যুৱক জনক চীনা সৈন্যই অপৰহণ কৰি লৈ যায় ।

চীনা সেনাৰ লগত যোগাযোগ স্থাপন ভাৰতীয় সেনাৰ

তেওঁ জানিবলৈ দিয়া মতে, ইতিমধ্যে চুবুৰীয়া দেশখনৰ সেনাৰ লগত ভাৰতীয় সেনাই হটলাইনৰ জৰিয়তে যোগাযোগ স্থাপন কৰিছে । পাণ্ডেয়ে টুইটযোগে এই কথা সদৰি কৰিছে । ইয়াৰ পূৰ্বে পূব অৰুণাচল প্ৰদেশৰ পৰা ৫ জন যুৱকক চীনা সৈন্যই সীমান্তত তহল দিবলৈ আহি লৈ গৈছিল আৰু প্ৰায় ১২ দিনৰ অন্তত ভাৰতীয় সেনাৰ হাতত বুমলাত গতাই দিছিল । আনহাতে অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ বিধায়ক নিনং এৰিঙে এই বিষয়ে কয় যে বিষয় লাগিলে যিয়ে নহওক অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত অৰুণাচল প্ৰদেশৰ যুৱক জনক ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে ।

চীনা সেনাৰ লগত যোগাযোগ স্থাপন ভাৰতীয় সেনাৰ

মনকৰিবলগীয়া যে, ডোকলামৰ পিছতে অৰুণাচল সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলাই আহিছে চীনা সৈন্যই ৷ ইয়াৰ পূৰ্বে ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত অৰুণাচলৰ দিবাং ভেলীত কেম্প পাতি আছিল চীনা সৈন্যই ৷ অক্টোবৰ মাহত এই ঘটনা পোহৰলৈ আহিছিল ৷

২০১৯ বৰ্ষৰ ২২ জুলাইত পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যই ৷ টাৱাং জিলাৰ টাচৌ গাঁৱৰ হলি জলপ্ৰপাতৰ য়াংকিয়ন সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যৰ দলটোৱে ৷ কিন্তু শেহতীয়াকৈ একেটা স্থানতে পুনৰবাৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলায় ৷ কিন্তু ২০২১ চনৰ অক্টোবৰ মাহৰ প্ৰথম ভাগত চীনা সৈন্যই ভাৰত ভূমিত অৰুণাচল প্ৰদেশৰ টাৱাং অঞ্চলত ৩৪ বাৰ প্ৰৱেশ কৰিছিল । তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে কিয় চীনা সৈন্যই বাৰে বাৰে অৰুণাচল প্ৰদেশৰ যুৱকক অপহৰণ কৰে ?

লগতে পঢ়ক :চীনা সৈন্যৰ বিৰুদ্ধে অৰুণাচলী যুৱকক অপহৰণৰ অভিযোগ

Last Updated : Jan 20, 2022, 9:05 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details