তেজপুৰ, 4 মে': কৰ'ণা মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা বাহিনী । ভাৰতীয় সেনা বাহিনীয়ে মুঠ ৬০০ টনৰো অধিক চিকিৎসা সামগ্ৰী ইতিমধ্যে, এয়াৰ ড্ৰপিঙেৰে অধিক লোকক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগান ধৰি, এই মহামাৰীৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টাত সক্ষম হোৱা বুলি জানিব পৰা গৈছে । এক বিশেষ সাক্ষাৎকাৰত ইটিভি ভাৰতৰ সাংবাদিকৰ আগত এই বিষয়ে উল্লেখ কৰে তেজপুৰস্থ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেয়ে ।
লক্ ডাউনৰ সময়ত উত্তৰ পূৰ্বঞ্চৰ সকলো দুৰ্গম ঠাইতে বায়ু সেনা বাহিনীৰ দ্বাৰা এয়াৰ ড্ৰপিঙেৰে খাদ্য সামগ্ৰীৰ যোগান ধৰে । সীমান্তৱৰ্তী টাৱাং আৰু অৰুণাচল প্ৰদেশৰ ভিতৰুৱা অঞ্চল আৰু অসমৰ বিভিন্ন ঠাইতো সেনাৰ দ্বাৰা এই সহায় আগবঢ়োৱা হৈছে । উল্লেখ্য যে, সেনাবাহিনীৰ প্ৰতিগৰাকী লোক এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু বুলিও উল্লেখ কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ গৰাকীয়ে । ইতিমধ্যে সেনাৰ তিনিটা বিভাগৰ পৰা এই যুদ্ধৰ প্ৰথম শাৰীৰ লোকসকলক সন্মানো জনোৱা হৈছে । শেহতীয়াভাৱে বায়ু সেনাৰ আগশাৰীৰ যুঁজাৰু বিমান চুখয় ৩০ এমকেআইৰ বিভিন্ন বিমানেৰে চিকিৎসা কৰ্মী সকলক শ্ৰদ্ধা জ্ঞাপন কৰিছে ।