তেজপুৰ, 10 এপ্ৰিল:যুদ্ধকালীন ক্ষিপ্ৰতাৰে বনজুই নিৰ্বাপন কৰি অৰুণাচলৰ এখন গাঁৱক সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পৰা কথমপি ৰক্ষা কৰিলে ভাৰতীয় সেনাই ৷ ভাৰতীয় সেনাৰ স্পীয়েৰ কৰ্পছৰ অধীনত দাও ডিভিজনে আঞ্জাও জিলাৰ সীমান্তৰ বাদা কান্দন নামৰ গাঁওখনক এই ভয়ংকৰ বনজুইৰ পৰা ৰক্ষা কৰে ৷
অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ বাদা গাঁওৰ সমীপত অৰণ্যত বনজুই জানিব পৰা মতে, 7 এপ্ৰিলত অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ বাডা কান্দন গাঁৱৰ ওচৰত অৱস্থিত স্পিয়েৰ কৰ্পৰ ডাও ডিভিজনৰ সেনাসকলক গাঁওবাসীয়ে বনজুইৰ বিষয়ে অৱগত কৰে ৷
সম্পূৰ্ণ এটা দিনৰ প্ৰচেষ্টাৰ অন্তত সেনাৰ সহযোগত নিৰ্বাপিত এই বনজুই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে সেনাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু তেওঁলোকে বাডা কান্দন গাঁৱৰ নিচেই সমীপত ভয়ংকৰ জুই প্ৰত্যক্ষ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি সময়ত গৈ জুইকুৰা প্ৰত্যক্ষ নকৰিলে যিকোনো মুহূৰ্ততে জুইয়ে সমগ্ৰ গাঁওখন আগুৰি ধৰিলেহেঁতেন ৷
ভাৰতীয় সেনাৰ স্পীয়েৰ কৰ্পছৰ অধীনত দাও ডিভিজনে গাঁওখনক এই ভয়ংকৰ বনজুইৰ পৰা ৰক্ষা কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে, নিজৰ ব্যক্তিগত সুৰক্ষাৰ কথা চিন্তা নকৰি সেনাৰ দলটোৱে যুদ্ধকালীন ক্ষিপ্ৰতাৰে জুই নিৰ্বাপন অভিযানত নামি পৰে ৷ প্ৰায় 12 ঘন্টা জোৰা প্ৰচেষ্টাৰ অন্তত 8 এপ্ৰিলৰ বিয়লি সেনাই এই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক:মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ তিনিটা গঁড় পোৱালীৰ