তেজপুৰ, ১৫ ডিচেম্বৰ :অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ য়েংটছেত (PLA aggression at Yangste in Tawang) চীনা PLA সৈন্যৰ লগত ভাৰতীয় সেনাৰ মুখামুখী সংঘৰ্ষৰ পিছত ফাদিল হৈছে সীমান্তৰ নতুন নতুন তথ্য (India China border in Arunachal) । চীনা সৈন্যই ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰিবলৈ নানা কৌশল অব্যাহত ৰাখিছে ।
টাৱাঙৰ লুংলা ছেক্টৰৰ পৰা ওপৰৰ দিশে চীনা সৈন্যৰ এক বৃহৎসংখ্যক সেনাবাহিনীৰ লোকে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সীমান্তৰ পৰা ১০০ কিলোমিটাৰ নিলগত অৱস্থান কৰি থকাৰ তথ্য সূত্ৰত প্ৰকাশ পাইছে (Indian Army clash with PLA in Tawang) । অৰুণাচল প্ৰদেশৰ চীনৰ লগত 1126 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ভিতৰত টাৱাঙৰ লুংলা ছেক্টৰৰ অধীনত জেমিথাং হৈছে এক বৃহৎ এলেকা । এই সম্পূৰ্ণ অঞ্চলটো সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ অধীনত আৰু বিগত সময়ছোৱাত সম্পূৰ্ণ সেনাৰ দখলত আছে ।
আনহাতে, লুংলা অঞ্চলৰ পৰা ভূটানৰ দিশে বিলিটিং হৈছে এক গুৰুত্বপূৰ্ণ স্থান । এই অঞ্চলটো অতি স্পৰ্শকাতৰ আৰু সমগ্ৰ অঞ্চল সশস্ত্ৰ সীমাবলৰ অধীনত শেষৰটো পোষ্টত অৱস্থান কৰি আছে (sensitive areas of china border in Arunachal) । শেহতীয়াকৈ চীনে ভূটানৰ ওপৰত কৰা মন্তব্যৰ পিছত এই স্থান অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে । ১৯৬২ চনত চীনে ভাৰতত প্ৰৱেশ কৰাৰ সময়ত জেমিথাং খেনজিমনি অঞ্চলেৰে কূটাঘাত আৰম্ভ কৰিছিল ।
উল্লেখযোগ্য যে ৯ ডিচেম্বৰ অৰ্থাৎ যোৱা শুকুৰবাৰে সংঘটিত ঘটনাৰ পাছত অৰুণাচল প্ৰদেশৰ টাৱাঙত সকলো দিশে সতৰ্কতা জাৰি কৰা হৈছে আৰু সমগ্ৰ অঞ্চলটো সেনাৰ চোকা দৃষ্টিত ৰখা হৈছে । পৰ্যটকসকলক বুমলা পাছলৈ Y জংচৰৰ পৰা যোৱাৰ অনুমতি প্ৰদান কৰা হোৱা নাই । আনকি সংবাদ মাধ্যমৰ লোককো উক্ত অঞ্চললৈ যোৱাৰ অনুমতি প্ৰদান কৰা হোৱা নাই । সীমান্তত k-9 টেঙ্ক সকলো ঠাইতে স্থাপন কৰি ৰাখিছে সেনাই । লগতে L-70 এয়াৰ ডিফেঞ্চ ছিষ্টেম (Air Defance System) সাজু ৰখা হৈছে যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখী হ'বপৰাকৈ ।